বৰ্ণিকা আঘোণৰ এমুঠি নিঃশব্দ বেদনাত পিতাই!
শেৱালি বৰুৱা শইকীয়া
আঘোণৰ সন্ধ্যাহ্নিকত পিতাইৰ সপোনবোৰে বুকুৰ নিৰলাত এটি পঁজা
সাজিব খোজে;
বিৰিয়াত সাহসবোৰ অহোৰাত্র থূপ খাই পৰেহি;
পিতাইৰ টাপলি মৰা কামিজটোত হেঁপাহবোৰে জুমি চায় ন- জোনৰ
এচাকি পোহৰত,
আইৰ তামোলৰ পিকেৰে ৰাঙলী হোৱা দুটি ওঁঠৰ ফাঁকেৰে সৰি পৰা হাঁহিবোৰ
এটি এটি মুকুতা হৈ জ্বলে
পিতাইৰ কাষত,
কাঁচিখনত শান দিবলৈ সাজু হোৱা পিতাইক জীৱনৰ
সনাতন শব্দবোৰে
আমনি কৰে বৰকৈয়ে;
বানেধোৱা জীৱনৰ কৰুণ মুহূৰ্তৰ কৰুণা ভৰা আখৰৰ জোঁটনিত সোণটিয়ে কুঁহিপাঠ
আওৰাইছিল ভগা জুপুৰীত;
আজিও সোণালী আঘোণৰ বেলাত পিতাই বৰকৈয়ে নষ্টালজিক হৈ পৰে;
জীৱনৰ আৰণিত সোণগুটিৰ
হাঁহিবোৰ হুমুনিয়াহ হৈ সৰি পৰে আইৰ কোলাত।
আয়ে কৈছিল,, এই বাটেৰে আঘোণৰ লখিমী আকৌ উভতি আহিব হৃদয়ত মেন্ধিকাৰ একাজলি জ্যোতিৰে;
প্ৰাচীনতম পথাৰত প্ৰোথিত হৈ ৰ'ল আঘোণৰ সেউজীয়া গজালি,
আঘোণৰ কুঁৱলীয়ে বাট আগচি ধৰোঁতে পিতাইৰ হৃদয়ত অগাদেৱা কৰিছিল
ঐনিতমৰ ফল্গুধাৰাত প্ৰবাহিত হোৱা আশা- নিৰাশাৰ শব্দবোৰে,
সুৱাগমণি, মাণিকিমধুৰিৰ সুগন্ধিয়ে পিতাইৰ ভঁৰাল ভৰাইছিল,
সোণগুটিৰ ভৰত পিতাইৰ উৰুখা পঁজাত জোনাক সৰিছিল,
আইৰ হিয়া চাদৰৰ ভাঁজে ভাঁজে সোণগুটিয়ে নিৰাপত্তাৰ এমুঠি সপোন গুঁজি দিছিল সোণটিৰ বুকুত!
বৰ নামঘৰত ন চাউল মুঠি ভকত বৈষ্ণৱৰ সেৱাত উচৰ্গা কৰি পিতাইয়ে আঁঠু লৈছিল মুৰুলীধৰৰ চৰণত;
সেই আঘোণৰ সোণোৱালী বাট আজি কঙালীৰ খোজত কঁপিছে,
পিতাইৰ উদং ভঁৰালৰ বাকৰিত স্থিতপ্ৰজ্ঞ সময়বোৰ
দুঃসময় হৈছে!
আঘোণ বুলিলেই আইৰ গাত গোঁসাই নাইকিয়া হৈছিল,
গাঁৰিদিয়া ৰিহাৰ আঁচলত থুৰীয়া তামোলৰ সুবাস লাগি
পকা ধানে হালি জালি হাঁহিছিল;
আই পিতাইৰ হেঁপাহবোৰ আঘোণত ন কইনাৰ খোজেৰে আগবাঢ়িছিল,
এজনৰ আশাৰ কোলাত আনজনৰ নিশ্বাসৰ মুঠি মুঠি
ভালপোৱা বোৰ হৃদয়ৰ গৱাক্ষৰে উদ্ভাসিত হৈ মিচিকিয়াই হাঁহিছিল
জীৱনৰ পৰিধিয়ে।
আঘোণক হেৰুৱাই আজি মোৰ পিতাই নিঃস্ব হৈ পৰিছে বাৰে বাৰে,
নাঙলৰ সীৰলুত ঘামে ঢকা অকটুৰ মাটিৰ সুবাসিনী সুগন্ধিত চোতালৰ
শেৱালি জোপাই নিয়ৰত উচুপি উঠে পিতাইৰ হাঁহিবোৰক এন্ধাৰত হেৰুৱাই;
পিতাইক এখন হেঁপাহৰ পথাৰ ওভোটাই দিবলৈ
এগছি প্ৰদীপ জ্বলাও সুবাসনা আঘোণৰ ছাঁত!
আঘোণ হেৰাইছে মোৰ পিতাইৰ বুকুৰ সীমনাৰ পৰা!