শকুন্তলা
উৎপল মেনা
‘ভূপেন হাজৰিকাই অসমীয়া ভাষাত তােলা এই ছবিত মহাকবি কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম' নাটকখনক মনত ৰাখিছে।' —অসমীয়া অনুবাদ কৰিলে এনে ধৰণৰ হব ‘দেশ’ত প্রকাশিত অসমীয়া চিনেমা 'শকুন্তলা’ সম্পৰ্কত লিখা বাক্যকেইটা। 'শকুন্তলা’ ভূপেন হাজৰিকাৰ চিনেমা। চিত্রনাট্য, সংগীতসূর্য ড° ভূপেন হাজৰিকাৰ। চিত্ৰগৃহলৈ আহিছিল ২৪ নৱেম্বৰত ১৯৬১ত। চিনেমাখনৰ কেইটামান ‘অংশ’হে চোৱাৰ সুযােগ পাইছিলোঁ। এটা ‘অংশ’ত দেখিছিলোঁ পবিত্র বৰকাকতি, অনিতা বেনাৰ্জী আৰু এগৰাকী শিশু শিল্পীক। অনিতা বেনাৰ্জীৰ লগত এটা ‘অংশ’ত দেখিছিলোঁ ইভা আচাও আৰু কৃষ্ণা দাসক। অনিতা বেনাৰ্জীয়ে অভিনয় কৰিছিল শকুন্তলাৰ চৰিত্ৰত। বিপৰীতে দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছিল পবিত্র বৰকাকতিয়ে। ইভা-কৃষ্ণাই অভিনয় কৰিছিল প্রিয়ম্বদা-অনুসূয়াৰ চৰিত্ৰত। —এটা অংশ’ত দেখিছিলোঁ দুর্বাসাৰ চৰিত্ৰত কৰা ফণী শৰ্মাৰ অভিনয়। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল খগেন মহন্ত, ৰেবেকা চাচা আচাও, কুলদা কুমাৰ ভট্টচার্য, দেৱবালা চলিহা, দীনকৰ ৰাও আদিৰ লগতে শিশু শিল্পী বিদ্যা ৰাৱে। —হয়, অসমীয়া চিনেমাৰ পৰৱৰ্তী সময়ৰ নায়িকা বিদ্যা ৰাৱে।
শকুন্তলা’ৰ সংগীত আছিল জনপ্রিয় চিনেমাখনৰ দৰেই। অৱশ্যে পিছৰ প্ৰজন্মই চিনেমাখন চোৱাৰ সুযােগ নাপালে। সংৰক্ষণৰ অভাৱত। 'প্রথম প্রহৰ ৰাত্রি ...', 'নৱমল্লিকাৰৰে হেঁপাহ জানাে পলাব ...', 'পিতৃগৃহ ত্যাগী আই ...', “প্ৰজন্মৰ পিছত প্ৰজন্মৰ শ্ৰোতাই আদৰি লৈছিল। এই প্রজন্মৰ মুখতাে শুনা যায়। সেই সময়ৰ সমালােচকসকলে গীত, গীতৰ চিত্রায়ণ, আৱহ সংগীতৰ প্রশংসা কৰিছিল। প্রশংসা কৰিছিল ‘চিনেমেটিক’ কাৰবাৰৰ। 'শকুন্তলা’ অন্তঃসত্ত্বা হােৱা কথাটো দর্শকক বুজাইছিল ফুলৰ কলি— কলি ফুলি উঠা দৃশ্যৰে। ... এহাল কপৌৰ মিলনৰ মাজেৰে দৰ্শকক বুজাইছিল দুষ্মন্ত- শকুন্তলাৰ মিলন।... ইত্যাদি। –প্রাপ্ত তথ্য মতে গুৱাহাটীৰ চিত্ৰগৃহত 'শকুন্তলা’ চলিছিল ৯ সপ্তাহ। '
বক্স অফিচ কালেকচন’– ৫৯,২১২.০৬ টকা। আনহাতে চিনেমাখনে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক।
0 comments:
Post a Comment