কবিতা : মন্থন ~ JOBON.IN

Monday, August 9, 2021

কবিতা : মন্থন

 


মন্থন

অৰ্চনা হাজৰিকা


মনৰ গভীৰতা---

ভাবিছো কিছু কথা

মনৰ আকাশখন চাইচানে বাৰু?

গৈ গৈ তুমি পাৰপাৰ নোপোৱা

এই বিশাল সাম্ৰাজ্যত তুমি গৈয়েই থাকিবা।

 থমকি নৰবা, মেঘৰ আঁৰে আঁৰে

কলীয়া ডাৱৰৰ ফাকে ফাকে

তুমি মাথোঁ গৈ আছা গৈ আছা

তোমাৰ মনৰ দাপোনখনত

ভাল কৈয়ে চোৱা

কলীয়া ডাৱৰখিনি গোট খাই খাই

বৰষুণ পৰাদি পৰিছে

লাহে লাহে তোমাৰ মনবোৰ চোন পৰিস্কাৰ হৈছে।

লাহে লাহে ডাৱৰ বোৰ আঁতৰি গ’ল

মনৰ আকাশখন মুকলি হ’ল! 

মনৰ বিশালতাত তুমি এক ক্ষুদ্ৰ কণা।

Jobonলৈ কবিতা প্ৰেৰণৰ মেইল আইডি : jobonub@gmail.com


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages