হৃদস্পন্দন
নিবেদিতা ভৰালী
সন্ধিয়া পৰত বিচাৰো
চাৰিওফালে আজিও
তোমাৰ অনুভৱ,
তোমাৰ স্মৃতি,
"মাথোঁ তুমি", "মাথোঁ তুমি"
জানানে,
মই তোমাক লৈ মগ্ন
মাজনিশাৰ অনুভূতিত হোৱা ঘনাই তোমাৰ
"নিশ্বাস"আৰু "হৃদস্পন্দন"
কেতিয়াবা ওভতাই আনে
বসন্তৰ সুভাস
"মাথোঁ তুমি", "মাথোঁ তুমি"
তোমাৰ লহৰে.............
সোৱঁৰাই আনে হেৰুৱা কৈশোৰ
কাহানিবা ৰৈ থাকে
"তোমালৈ"
বাট চাই বৰাকৰ পাৰত
জানানে,
একা-বেকা বৰাকৰ বাটবোৰো অপেক্ষাত
মাথোঁ তোমাৰ বাবে
কেতিয়াবা মেঘ হৈ
উৰি যায়
ভাবনাত তোমাক বিচাৰি
লুকাই সাঁচি ৰখা
স্মৃতিৰ আঁৰত অনুভৱ হৈ
উভতি আহে
প্ৰথম কুঁৱলীৰ পৰশ হৈ।
শেৱালীৰ সুগন্ধি সুবাসে
পাখি মেলি উৰি যায়
দিগন্তৰ শেষ সীমালৈ
তোমাতেই যে মগ্ন
বাৰে বাৰে বাজি উঠে
"হৃদস্পন্দন"।
Jobonলৈ কবিতা প্ৰেৰণৰ মেইল আইডি : jobonub@gmail.com
0 comments:
Post a Comment