কবিতা : ছোমালীয়া সময়.... ~ JOBON.IN

Sunday, August 8, 2021

কবিতা : ছোমালীয়া সময়....

 

ছোমালীয়া সময়.... 

ময়ূৰী শৰ্মা গোস্বামী 


ছোমালিয়া মানেই ভোক।

পেটৰ পৰা উজাই অহা এটা ৰোগ। 

সংক্ৰমিত হৈছে লাহে লাহে

যলৈকে তলৈকে, 

ভোক আজি ইয়াতো তাতো। 


পৃথিৱীৰ অসুখৰ সময়।

অক্টোপাছৰ দৰে মেৰিয়াই ধৰা

কালসৰ্পৰ বিষময় সময়।

ভোকৰ যন্ত্ৰনাত নিজক নিঃশেষ কৰাৰ

ছোমালীয়া সময়।

এতিয়া ভয়লগা নিবনুৱা সময়।

ইয়াতো তাতো।।


নহয় এয়া চন্দুকত সোমোৱাই থোৱা _

মনি মুকুতাৰ সময়।

এয়া যে হাতত থকা ক্ষুদ্ৰকণো

বিলাই দিয়াৰ সময়।

সময়ে বুজালে অকলশৰে যাবলগীয়া, 

অশ্ৰুহীনতাৰ সময়।

আপোনজনৰ পৰা আঁতৰি

নিসংগতাৰ সময়। 

এয়া যে লগে ভাগে আঁতৰাবলগীয়া, 

ছোমালীয়া সময়।

হাতে হাত ধৰি পাৰ কৰিবলগীয়া, 

অক্টোপাছৰ সময়।

এতিয়াযে সময় দুঃসময় - 

ইয়াতো তাতো।


বুকুয়ে বুকুয়ে কেৱল হেৰুৱাৰ জলস্ৰোত - 

ইয়াতো তাতো।

এতিয়া ছোমালীয়া সময় - 

ইয়াতো তাতো।


Jobonলৈ কবিতা প্ৰেৰণৰ মেইল আইডি : jobonub@gmail.com

Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages