এজাক ভিক্ষাৰীৰ কথাৰে
ৰূপজ্যোতি ফুকন
এজাক ভিক্ষাৰীৰ কথাৰে দেশ চলে
বেশ্যাৰ দিন
কামাতুৰৰ বিচনা বগুৱাই ধৰ্ম
ভোক আৰু ভোগৰ বাবেই যাপন হয়
গণতন্ত্ৰৰ পাশৱিকতা?
চামচাগিৰিৰ উধানত সিজে
নিচলাৰ কামিহাড়
তেজত উতলে নেতাৰ ভোগৰ মিঠৈ।
ফাগুনৰ আকাশ উতলাই উৰিছে
বিট শগুণৰ জাক
জাবৰৰ দমটো ঢেমাধৰাৰ শ্যেলুট
শেঙুন নকাৰ গালত চুমা
ফপৰাহাতৰ নাগৰিক লেখৰ মানুহ
চুবুৰী গম গমাই পাহাৰ ভৈয়াম
উন্নয়নৰ শিখাত দেইপুৰি মৰে
ঘাইপথ আলিবাট।
হিতাধিকাৰীৰ অধিকাৰী মানুহৰ
লাচনিপাচনিত প্ৰতিপাল হয়
জনবৈৰী
শিতানত পাণ্ডাগিৰীৰ চিণ্ডিকেটত বন্দী
দুৰ্নীতি।
শূন্যতা মৌনতাৰ দূৰবীণ আনুবীক্ষণিক
ছায়া-প্ৰচ্ছায়াই ঢৌৱাই
সমাজ আকাশ
ছানিধৰা সভ্যতাৰ যুজঁত
শত দধিচিৰ আত্মত্যাগৰ উমাল তূণত
কাপোৰ হীনৰ ৰণৰ তামীঘৰা।
মন্দিৰৰ দুৱাৰে দেৱালে উশাহ-নিশাহ
পূজাৰ বেদীত শত ভিক্ষাৰীৰ প্ৰাৰ্থনা
হাঁহি উঠে ঈশ্বৰ নিজেই ভিক্ষাৰী
এমুঠি মানুহৰ ভিক্ষাৰে প্ৰতিনিয়ত
ঈশ্বৰ য'ত নিহত।
প্ৰতিদানৰ বানত নাও এৰি নাও
নৌকা বিহাৰী ঈশ্বৰ আজি পলাতক
সুবিধাবাদৰ অংগক্ষত ভয়ত
সময় নিলাজ শূৰ্পণখা।
ৰ'দ শিপাব নোৱাৰা জনতন্ত্ৰৰ শিকলি পিন্ধি উলংগ গণতন্ত্ৰ
ফাগুনৰ কথোপকথন
আকাশ চানি ভিক্ষাৰী শগুণৰ সমদল।
Jobonলৈ কবিতা প্ৰেৰণৰ মেইল আইডি : jobonub@gmail.com
0 comments:
Post a Comment