কবিতা : এটা অসম্পূৰ্ণ প্ৰেমৰ কবিতা ~ JOBON.IN

Friday, August 6, 2021

কবিতা : এটা অসম্পূৰ্ণ প্ৰেমৰ কবিতা

 


এটা অসম্পূৰ্ণ প্ৰেমৰ কবিতা

নিৰ্মালি কলিতা


 এৰি থৈ অহা দীঘল বাটটোৰ

 ওখোৰা মোখোৰাবোৰত

 মই এতিয়াও খুপি খুপি খেপিয়াই ফুৰো

 এটা অসম্পূৰ্ণ প্ৰেমৰ কবিতা


 দ্যুলোক ব্যাপি জলমল সৱিতা

 নিৰন্ধ্ৰ মণিকোঠাত 

 ঢিমিক্ ঢামাক্ জ্বলি ৰয় প্ৰেমৰ অক্ষয় শলিতা

 উন্মাদ বতাহ জাকে য'ত হাৰ মানে

 

 স্মৃতিৰ মজিয়াত অথালি পথালি হৈ

 পৰি ৰোৱা দীঘলীয়া শোকৰ মালিতা

 স্বপ্নৰ সমুদ্ৰত শূন্যতাৰ জোৱাৰ ভাটা

 

 বুকুৰ দ লৈকে শিপাই এটা অচিনাকি সাঁথৰ

 নিৰুত্তৰ সময়ৰ পৃষ্ঠা


 বেলি লহিওৱাৰ পৰতো

 মোৰ উদাস দৃষ্টিত অহৰ্নিশে কঢ়িয়াই লৈ ফুৰো

 ধুসৰ হৈ যোৱা

 একেটি 

 পুৰাতন 

 অসম্পূৰ্ণ প্ৰেমৰ কবিতা !!

 

Jobonলৈ কবিতা প্ৰেৰণৰ মেইল আইডি : jobonub@gmail.com

Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages