স্বাভিমানী অসমীয়া
ৰূপজ্যোতি ফুকন
এটা পাঞ্চত পৃথিৱীক কপোঁৱা অসমীয়া
পৰিও নপৰা মৰিও নমৰা
লাচিত, চ্যুকাফাৰ জাত।
এটা পাঞ্চত জাতিক জিলিকাব পাৰে
দেশৰ মাটিক জীপোৱা অসমীয়া
লাভলীনা লাভলীনা।
এটা পাঞ্চত চকু গজুৱা অসমীয়া
খাৰ খোৱা অসমীয়া
এশ ত্ৰিশ কোটি জনগণৰ নয়নমণি আজি
লাভলীনা লাভলীনা।
জংঘল কি মঙ্গল আজি অসমীয়া
জয়ৰ মালা গঁঠা অসমীয়া
লাভলীনা লাভলীনা।
সম্পদত অসমীয়া বিপদত ঠেৰুচিগা
উজ্বলি উজ্বলি উজ্বলিছে অসমীয়া
শুভদূত অসমীয়া
দেশৰ মাটিত আজি আদৰিছে
নিনাদত লাভলীনা লাভলীনা
স্বাভিমানী অসমীয়া_______।
কবিতা প্ৰেৰণৰ মেইল আইডি : jobonub@gmail.com
0 comments:
Post a Comment