বৰষুণ
মনবীনী দাস
(১)
ধূলিয়ৰি নিশা এটোপাল নিয়ৰ
আৰু
খহি পৰা এটুকুৰা খেৰসূতা
খুপি খুপি বাট মোকোলাও
নিয়ৰটোপা বহাগী হয়।
(২)
বৰষুণজাক শব্দহীন
নিৰৱে বয় অন্তৰাত্মালৈ।
(৩)
উজাই অহা মাছৰ কেলি
নিৰলে বহি মাথোঁ চাও..
শুকান পথাৰ
বৰষুণজাক নাই!
(৪)
উক দিয়া সপোনটিৰ খোপনি অনুভৱত
জাগি ৰয় হেঁপাহবোৰ
মেঘাছন্ন আকাশ
মেঘাছন্ন বতাহ
ওলমি ৰ'ল বৰষুণজাক!
0 comments:
Post a Comment