কবিতা : জীৱন ~ JOBON.IN

Wednesday, August 4, 2021

কবিতা : জীৱন

 


জীৱন

ৰূপজ্যোতি ফুকন


জীৱন এটা অনুপম কবিতা

উপন্যাসৰ পৃষ্ঠা

শাণত দিলে সুৰৰ শিখাত জ্বলে

সুৱগাত সমদল বাজে

নীলিম আকাশ তুমি দিলা

বহল হৃদয়

বিৰিখে দিলে একতাৰ মন্ত্ৰ

স্থিতপজ্ঞতাৰ বীজ

বিশ্ৰামহীনতাত একলব্য শক্তি

হে' 

বিনন্দীয়া বসুন্ধৰা

তুমি বহু দিলা________

পিতামৰ দৰে সামৰ্থ্য

সীতাৰ দৰে, দ্ৰৌপদীৰ দৰে

সহনশীলতা

আৰুনো কি লাগিছে

জীৱনযোৰা জীৱনী শক্তি দিছা

নোপোৱাক পোৱাৰ সেতুবান্ধি

মোক সূৰ্যসম উত্তাপ দিয়া

দূৰ দিগন্ত বলয়ত অনৱগুণ্ঠিত তিলফুল হৈ

নক্ষত্ৰোজ্বল হঁও


 মই শিকিছো বিৰিখৰ পৰা

 প্ৰচণ্ড শীতত লঠঙা হৈও

 গৰ্বৰে ঠিয় হৈ থকা

 আইজনীয়ে ঈগল পখীৰ দৰেই তুলিছিল

 শিকিলোঁ জীৱন জিজ্ঞাসা

 নিস্প্ৰাণ শিলে কথা কোৱা শুনিছোঁ

 বৃদ্ধ ঈগলক নতুন জীৱন দিয়া

 শিল আচাৰি বৰতীয়া ঈগলৰ সম্পৰীক্ষা

 মইও কৰিছো

 হে' সময়

 নিদাঘ গুচাই মোক শিল হ'বলৈকে দিয়া

 অন্তত়ঃ

 সৃষ্টিৰ কঠিয়ানিত জীৱন জীপাল হোৱাৰ

 জীৱন হওঁক অনুপম কবিতা।


Share:

1 comment:

  1. ৰূপজ্যোতি ফুকনৰ 'জীৱন'পঢ়ি ভাল লাগিল ।

    ReplyDelete

Labels

Archive

Contact Us

Name

Email *

Message *

Pages