সাম্প্ৰতিক অনুভৱ
অৰ্চনা হাজৰিকা
বনজুইৰ দৰে বিয়পি পৰিছে,
ক'ভিডৰ তৃতীয় ঢৌ আকৌ আহিছে!
ভয়ত কম্পমান হৈছে----
মানুহৰ থৰকাচুটি হেৰাইছে
খোৱা বস্তুৰ নাটনি হৈছে,
কৰ্মহীন হৈ পৰিছে।
কি হ'ব আমাৰ?কোনে চাব আমাক?
কিছুৱে চৰকাৰক ভৰসা কৰিছে।
২
চিকিৎসালয়ত ৰোগীৰ ঠাই অভাৱ হৈছে,
মৃত্যুৰ বিভীষিকাই চানি ধৰিছে!
সময়ে আট্টহাস্য মাৰিছে
ডাঙৰ ডাঙৰ বৰগছ উভালি পৰিছে
৩
কণ কণ শিশুহতৰ
পৃথিৱীখনেই বেলেগ হ'ল
ঘৰতেই আদিপাঠ ল'বলগীয়া হ'ল
স্কুলীয়া পাঠ বন্ধ হৈ পৰিছে
ইলেক্ট্ৰনিক মাধ্যমেৰে চকু মেলি চাইছে।
আগতে আমি কওঁ
বেছি কৈ ম'বাইল নিদিবা
টি ভি চাবলৈ নিদিবা
এতিয়া! এইবোৰ সহজ হৈ পৰিল
বুজা-নুবুজা এইবিলাক লগ হৈ পৰিল।
ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা হ'ল
খেলা লগৰীয়া নোহোৱা হ'ল
ভয় -শঙ্কাই আৱৰি ধৰা হ'ল
জন্মতেই মাষ্ক পিন্ধিব লগীয়া হ'ল
৪
বহুত দিন হ'ল, কাকো যে লগ নোপোৱা হ'লো,
ঘৰত যে আবদ্ধ হ’লো
যাচোন যা কৰ’না, ক’ভিড যা
আমি সকলোৱে একেলগে ভোজ-ভাত খাওঁ, কৰবালৈ ফুৰিবলৈ যাওঁ।
উৰণীয়া পক্ষী হৈ উৰি উৰি যাওঁ
পৃথিৱীৰ দুখ সোনকালে আঁতৰ হওঁক।
ৰাইজ সচেতন হওঁক
তেতিয়া হে আমি ওলাব পাৰিম
মুক্ত কৈ ঘুৰিব পাৰিম।।
0 comments:
Post a Comment