কবিতা : এই বাটে শাওণৰ সুবাসময় বতৰা লৈ পিতাই আহিব!! ~ JOBON.IN

Tuesday, August 3, 2021

কবিতা : এই বাটে শাওণৰ সুবাসময় বতৰা লৈ পিতাই আহিব!!

 

এই বাটে শাওণৰ সুবাসময় বতৰা লৈ পিতাই আহিব!!

শেৱালি বৰুৱা শইকীয়া


পিতাইৰ কলিজাত সুবাসময় শাওণে ঘৰ বান্ধে

সোণাৰু ছটিয়াই উভতি যোৱা ব'হাগৰ স্পৰ্শত উৰ্বৰা হয় পিতাইৰ হেঁপাহৰ 

প্ৰাচীনতম পথাৰখন;

 বৰ্ষাৰঞ্জনা শাওণৰ

অনুভূতিয়ে সেউজীয়া এখন

ঘৰ সাজে মোৰ পিতাইৰ বুকুত,

বৰ্ষাবন্যা সেউজীয়া বৰষুণ জাকৰ অপেক্ষাৰ শেষ হ'ব খোজে এইমাত্ৰ"

শাওণৰ বোকোচাত মল্লাৰ ৰাগত

সুৰবোৰ ভাঁহি থাকে 

সেউজীয়াৰ

কথাবোৰ ওৰেটো নিশা কৈ যোৱা পিতাইৰ বুকুত;

অভিমান কৰে পিতাইয়ে বহমান

বাউলি কঁপিলীৰ সোঁত দেখি,,

নাঙলৰ কৰ্ষণত মুখৰিত চৌপাশৰ  কোমল পৃথিৱী,

আইয়ে ৰিহাৰ আঁচলত বান্ধি নিয়া থুৰীয়া তামোলখন লখিমীক সেৱাটি জনাই   আগলতি কলাপাত খনত আগবঢ়াই দি ন -ভূঁই

ৰুই দিয়ে সোণগুটি ফুলা শাওণৰ পথাৰৰ বুকুত;

নিৰূপম পথাৰৰ বুকুত 

শীতাংশুৱে  সোণফলা

মোৰ পিতাইৰ পথাৰৰ ৰ'দজাকৰ

খবৰবোৰ কলিজাত সিঁচি দিয়েহি ওৰেটো নিশাৰ বাবে!

সেন্ধিকাৰ সেউজীয়া কোলাত

মোৰ আইৰ হাঁহিবোৰৰ মাজেৰে তামোলৰ সেলেঙীৰে সতে এটি চিনাকি গোন্ধ বুকুলৈকে উজাই আহে ,

বহেমীয়ান বতাহজাকে কঢ়িয়াই

আনে মোৰ পিতাইৰ বুকুৰ সপোনৰ শতধাৰ,

শালিনী ছন্দত কঁপি উঠে লিহিৰি

দুবৰীৰ বুকুত ছিন্নমূলৰ গান!!

 শাওণৰ বোকাৰ আপোন আপোন সুবাসত মোৰ শৈশৱৰ 

জালিকটা বেৰেৰে সোমাই আহে এজাক হেঁপাহৰ শাশ্বত অনুভৱৰ  দাপোনত মোৰ চিনাকি মুখখন,

 সেই যে পিতাইক চাহ দিবলৈ গৈ আলিবোৰৰ পাহ কটা ভাঁজে ভাঁজে খোজবোৰ দিওঁতে পিতাইৰ আলফুল স্পৰ্শেৰে সংপৃক্ত হোৱা সেই অতীতৰ

মণিকুন্তল মৰমৰ ছাঁত এবেলা জুৰ লৈছিলোঁ,

মই হেৰাই যাওঁ আজিও শাওণৰ

পথাৰৰ অহীয়া বোকাৰ সোঁৱৰণী

দুপৰত মোৰ পিতাইৰ কাষত,

শাওণ মানেই  ৰ'দে পোৰা পিতাইৰ পিঠিৰ ক'লা পৰা ছালৰ

মাজত মৰমৰ মণিমুক্তা আমাৰ

সেন্দূৰীয়া ভৱিষ্যতৰ বাবে সাঁচি থৈ দিয়া পেৰাটো নহয়জানো?

ঘৰ্মাক্ত দেহৰ সুবাসত আজিও

পিতাইক শাওণ আহিলেই কাষতেই বিচাৰি পাওঁ আত্মিক অনুভূতিৰ সিপাৰে থকা সেইখন পৃথিৱীৰ মাজত !

সূৰ্যস্নাতা শাওণৰ দুপৰত মুঠি মুঠিকৈ কঠীয়া বোলাই যাওঁতে

আইৰ কঁপালৰ ৰঙা বেলিটোৱে

হাঁহিলে পিতাইৰ মনৰ আকাশত

স্নেহৰ মন্দাক্রান্তা  স্ৰোতশ্বিনী

নদীখনে জিৰাব খোজে;

সেউজীয়া পথাৰৰ আঁচলত আৱেগেৰে আয়ে সাঁচি থয়

এমোকোৰা হাঁহি  মোৰ পিতাইৰ বাবে !


আইৰ সপোনবোৰে পাখি মেলি

মুক্ত আকাশৰ কপহুৱা 

আৱেগৰ সৈতে মিতৰালি পাতে;

মৈয়াই দিয়া মাটিত বন -বাত নিৰাই পিতাইয়ে সিঁচি দিয়ে একাজলি সেউজীয়াৰ মাজত

আমাৰ  বুকুত ন-কৈ গজালি মেলা আশাবোৰক;

ভৰিৰ কলাফুলত জোকে ধৰিলে

পথাৰৰ আলিত উঠি চিঞৰা সেই উকিটো বুকুত আজিও

বাজি উঠে নিসংগতাৰ শেতেলীত ,

অতীতৰ পিতাইৰ আশ্বাসৰ মুখখনে আজিও বৰকৈয়ে আমনি কৰে,

শাওণৰ পলসুৱা সপোন এটা বিচাৰি আজিও সগৰ্ভা হোৱা ধৰাৰ  বুকুত প্ৰজ্বলিত হৈ উঠক সংশয়াকুল অনিশদীপ,

শাওণ চহা জীৱনৰ অনিন্দতনু

এক অনুভৱৰ অনুবিম্ব হৈ থাকক

পুৰাতন  অনাদিনাভৰ বক্ষত!

ঠিকনা : পুৰণিগুদাম, নগাঁও


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages