গতিহীন ইতিহাসৰ হাঁহি
ৰূপজ্যোতি ফুকন
জকাইচুকত সূৰ্যই পোহৰাব বুলি
কৌটিল্যৰ সূত্ৰত বন্ধা নাছিল
বাৰমুখীয়াত চৌকাত কেতিয়াবা
ফিৰিঙতি উৰিছিল নে নাই
জনোৱাৰ জনাৰ গৰজো নাছিল
ৰিহাৰ নাটনিত টোলত তলা মৰা
ভোকৰ পিত্ত পানীত ককাল খামুচি
ফেহুঁজালি ৰ'দ চোবাই নিদ্ৰাহৰা
অগোচৰো অগোচৰ আছিল।
ক্ষণবোৰ ফটিকত ডুব ল'লে
ৰজাবাটে প্ৰজাবাটে খবৰটো
দ্বীপ দ্বীপান্তৰ ভেদি বাগৰিল
আমাৰ পালিতাই জগত জিনিব
প্ৰচাৰক নাৰদ থৌকি বাথৌ
সঞ্জয় হৈ ডাঁৰৰ বাতৰি উফৰি
চৌদিশে গুজৱ
বাৰমুখীয়াত বহাগ নামিছে।
ৰপজ্যোতি ফুকনৰ 'গতিহীন ইতিহাসৰ হাঁহি'ত বোকাৰ পদুম লাভলীনা উজ্বলি উঠিছে । ভাল লাগিল ।
ReplyDelete