কবিতা : আই-পিতাইৰ দুখবোৰ আমাৰ সুখ ~ JOBON.IN

Friday, August 6, 2021

কবিতা : আই-পিতাইৰ দুখবোৰ আমাৰ সুখ


আই-পিতাইৰ দুখবোৰ আমাৰ সুখ

ৰূপজ্যোতি ফুকন

আই-পিতাই মোৰ বাবে
একোটা মুদ্ৰাৰ ইপিঠি সিপিঠি
বোধ শক্তি আছিল নে নাজানো
পলমকৈ বুজিছিলো,
আই-পিতাইৰ দুখবোৰ
মোৰ সুখৰ বাবেই সমৰ্পিত আছিল

আই-পিতাইৰ চকুত দেখিছিলো।
আই-পিতাই কি কৰা নাছিল
চকুৰ টোপনি, বাহুৰ বল, হাঁচতিৰ সুখ
সোপায়ে আনকি গাঁঠিৰ লাম লেকেটু
মোকেই সপিছিল একাত্মতাৰে,
আই কলাফুল গৰকা বোকা
পিতাইৰ কপালৰ ঘামত মৈয়াই চহাই
মোক
সপোনৰ বৰ পোণাতিত

সপোন আঁকিছিল
একলা দুকলাকৈ কাঁচিজোনৰ দৰে
ভৰ পূৰ্ণিমাৰ জোন।
আই-পিতাইৰ সপোন থুৰীয়া মই
ধনৰ ধন মণিৰ মুকুট,
শাওনৰ বেলি হৈ আই-পিতাই
ৰ'দ গুচি সুখ হৈছিল
পলসৰ ভূঁই ৰুই
চহাই মোক বোকাৰ পৰাই
মানুহ গঢ়াৰ কাৰখানা গঢ়িছিল।

Jobonলৈ কবিতা প্ৰেৰণৰ মেইল আইডি : jobonub@gmail.com

Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages