কবিতা : মই ৰূপজ্যোতিয়ে কৈছোঁ ~ JOBON.IN

Tuesday, August 10, 2021

কবিতা : মই ৰূপজ্যোতিয়ে কৈছোঁ


মই ৰূপজ্যোতিয়ে কৈছোঁ

ৰূপজ্যোতি ফুকন


নৈখনৰ কথা এনেয়ে কোনেও নকয়

পলস পৰি শ‌্যামলা হ'লে

শইচ বাগৰি বাগৰি পথাৰ উদং হ'লে

নদী সকলোৰে ওঁঠত।

নদীৰ প্ৰশস্তি গাই নদীক আদৰে

গালি পাৰে গুৱাল গালি

নদীৰ গতি থাকে

সেয়ে হয়তো নদী অহমিকা,

সাগৰ সাঁতুৰি নদীয়ে মাটিক

মাটিয়ে সাগৰক  চিনি পায়

মই ৰূপজ্যোতিয়ে কৈছোঁ---------

ধন ধান ঐশ্বৰ্য কিম্বা বগা ক'লা

এইবোৰে মোক নুজুখিবা।

নদীৰ দৰেই বগাই বগাই

তোমাৰ উপত্যকাত সেউজীয়া হ'বলৈ দিয়া।

Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages