কথা কোৱা শিলবোৰৰ উচুপনি
শেৱালি বৰুৱা শইকীয়া
ইতিহাসত অৱগাহণ কৰি দুপৰ নিশা মৰা ভৰলীয়ে উচুপিছিল,
ডেবেৰা হাজৰিকাৰ কুটিলতাত সাৰ পাইছিল সময়বোৰে,
ইতিহাসে চিঞৰি চিঞৰি কান্দিছিল
লাই লেচাই মাতৃহাৰা হোৱা সোঁৱৰণীৰ বুকুত তেজবোৰে মজিয়াত ভকভকাই উঠিছিল!
সময়বোৰ ক'ৰ পৰা
আৰম্ভ হৈ
ক'ত শেষ হ'ব খুজিছে এতিয়া জানিবলৈ কাৰোৱেই অৱকাশ নাই
স্ৰোতশ্বিনী গঙ্গাৰ তীৰে তীৰে
জীৱনৰ ৰহস্যবাদৰ অতীব অনুৰাগত কঁপি উঠিছিল
সুন্দৰৰ অন্বেষণৰ নিস্পেষিত প্ৰতিবাদ,
জ্বালামুখী শব্দৰ তীক্ষ্ণ সংস্পৰ্শত আউঠানি অনুভৱত জিকাৰ খাই উঠে
স্ৰোতশ্বিনীৰ
মন্দাক্ৰান্তা সোঁতত উটি যোৱা
স্বপ্নিল সময়ৰ শিলালিপিত
লিখিব পৰাকৈ খবৰবোৰে
এতিয়া বিভ্ৰান্ত বাস্তৱৰ কোলাত উচুপি উঠে সঘনাই,
খবৰবোৰ ক্ৰমান্বয়ে ধূসৰ হৈ
পৰে দিগন্তৰ সীমনাত,
কেনেকৈ লিখিম প্ৰতিটো পুৱাই নির্যাতিত হোৱা মমতাময়ী নাৰীৰ কথাবোৰ?
অন্তৰাত্মাৰ পুঞ্জীভূত কথাবোৰে বৃদ্ধাশ্ৰমৰ দুৱাৰমুখত ৰৈ আমনি কৰে,
যৌতুকৰ বাবে জ্বলাই দিয়া
ছবিখন চাই কঁপি থকা হৃদয়খনক কেনেকৈ সান্ত্বনা দিওঁ বাৰু?
কণমানি জনীয়ে পখিলা খেদি ফুৰোঁতেই কথাবোৰ নিষিদ্ধ বতাহৰ দৰেই
হৈ পৰে
আকাশত মুক্ত মনে উৰি থকা
চিলাখনৰ আঁত ডাল চিঙি ভূলুণ্ঠিত হোৱা সপোনবোৰৰ তমসাময়ী উচুপনিত কথাকোৱা জীয়া শিলৰ ফাঁকবোৰত এমুঠি ক্ষোভ
এমুঠি বেদনাৰ উৰ্মিলিয়ে
পথ হেৰুৱাই শৈৱলিনীৰ বুকুৰ কক্ষাবোৰ খণ্ডিত হৈ
নিজম নিশাৰ কোলাত
দ্বীপান্তৰিত হৈ পৰে।
শান্তনু কুলনন্দনৰ দ্যুতিমান
জোনাকত উদ্ভাসিত সভ্যতাৰ
ঐশানুত ঘূণে ধৰিছিল সিদিনা!
বৰলুইতৰ দুপৰীয়াবোৰত
নিঃশব্দতাৰ অলস কোলাত
সময়বোৰৰ ঘুমটি আহিছিল,
ড্ৰাগছৰ
পিপাসাৰ্ত আঁচোৰত অৰ্পিসৰ
কোমল অনুভূতিবোৰ প্ৰবঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে,
প্ৰাচুৰ্যমুখী শস্য ভূমিত
অপতৃণবোৰৰ হেন্দোলনিত
কাঁইটীয়া দলিচাৰে পৰিবেষ্টিত এই দোদুল্যমান
অভিব্যক্তিৰ অন্তৰালত
এমুঠি আন্ধাৰৰ সুৰ লিপিৱদ্ধ
হৈছে,
হৃদয়ৰ কিংকিনীত
সুবংকিম ভাঁজবোৰে এতিয়াও বাট চাই আছে
জীয়া শিলে কথাকোৱালৈ,
উচুপনিবোৰ কঢ়িয়াই অনা অৰ্থব্যঞ্জক জীৱনৰ দিনলিপিৰ ছাঁ-পোহৰত নিবিড় হোৱা অভিশাপবোৰ
সেউজীয়া অনুভূতিৰে ভৰি পৰক,
মনাকাশত এমুঠি ৰামধেনুৰ
বৰ্ণিল বৰ্ণমালাৰ সুবাসেৰে
সুশোভিত মেঘৰঞ্জনীৰ বুকুত
মেঞ্জুৰে পেখম ধৰি
আমাৰ বাবে কঢ়িয়াই আনক
সপ্তদ্বৰা মৃণ্ময় সীৰলুত
এমুঠি জীৱন জোনাক;
ঘৰমূৱা আবেলিৰ নয়নাভিৰাম নূপুৰৰ শব্দেৰে
উভতি আঁহক
ঐশ্বৰ্যৰ চিহ্নময়ী সায়ংকালীন প্ৰাৰ্থনা;
ইতিহাস ক্ষোদক হৈ থাকক
অনন্ত কালৰ বাবে এক
হৈমদ্যুতিৰ কথাৰে
সাগৰসংকাশৰ স্বৰ্ণিল তৰংগৰ একোটা অন্তৰীপ হৈ
আমাৰ নতুন জীৱনৰ বাবে!
0 comments:
Post a Comment