মনবীনী দাস
পোহৰৰ বাটে তোমাৰ ঘৰ
দেউলগা সময়ৰো আহ-জাহ সেই বাটেৰেই।
পেদেল মাৰি আহি পোহৰে তোমাক ক'লে
সাহসেৰে সাৱধানে আগুৱাই যাবা
সময়ে সময় সলায়
প্ৰয়োজনত বাঁহক তিতাইও বিচাৰে মৌ
ভণ্টিৰ তাঁতেও বৰষাব মৌ।
মৃত সপোন জগোৱাৰ বাট মৌ
বিশ্বাসৰ এখনি হাত
য'ত, আকাশৰ হাঁহিত মাটিয়ে সোণ বুটলে
শুকান মাটিত গোন্ধহীন মদাৰে ৰঙচুৱা দলিচা পাৰে।
মৌ-অন্তৰৰ প্ৰয়োজন
জীৱন চহাবলে,
ধুমুহাৰ তাণ্ডব ৰুধিবলে,
জীয়াবলে কেমেৰাহীন সুখ
আৰু
বিয়পাবলে জাতিহীন, বৰ্ণহীন, কৰ্মঠ ধৰম।
আত্মবিশ্বাসত চিৰসেউজৰ মৌ
কথা, কবিতাৰ সততাত মৌ
স্বাৰ্থৰহিত সমাজনীতি, ৰাজনীতি আৰু অৰ্থনীতিত মৌ।
ভিতৰি ধূৰ্তৰ জাক ??
এন্ধাৰত লুটুৰি-পুটুৰী
বাহিৰত ঘনঘোৰ সেউজীয়া
পখালি ল মৌ-নৈত।
শৰবিদ্ধ সময়ৰ নাটনি আগবেলা, পিছবেলাৰ
ব'লা, থকাখিনিৰে গঢ়োঁ
মৌময় দেশ !
মৌময় প্ৰাণ !
আৰু হৃদয়ৰ টান।
0 comments:
Post a Comment