কবিতা : ঢেকীয়া ~ JOBON.IN

Wednesday, July 7, 2021

কবিতা : ঢেকীয়া

 


ঢেকীয়া
প্ৰতিভা ভাগৱতী শৰ্মা

আগবাৰীত ঢেকীয়াৰ ফুল
অভাৱত
পেটৰ ভোক

তিনিআলিৰ কেঁকুৰিটোত
দহ টকীয়া মুঠা
লিহিৰি লিহিৰি আঙুলিৰ ঢেকীয়া

জোনাক নামিল এজাৰ ফুলিল
বেজাৰ নুগুচিল
পাঁচ টকীয়াৰ মুঠাৰে ঘৰলৈ উভতিল

হওক তেওঁ আকালত যে তাকেই পাইছে
বিধ্বস্ত সময়ত
আমিনো কিয় খাব লাগে ?
ফোন : ৯১০১৮৩৭২১২



Share:

1 comment:

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages