শুকুলা চুলিৰ জোনাক.....
ময়ূৰী শৰ্মা গোস্বামী
শব্দৰ বিশাল সাগৰত সাঁতুৰি নাদুৰি,
শব্দৰ আকাশত উৰি উৰি,
তুমি পৰা নাছিলা ভাগৰি।
শব্দেৰে যে তোমাৰ আজন্ম মিতিৰালি_
শব্দতে উঠা,
শব্দতে বহা,
শোৱা জাগা
দিন ৰাতি শব্দৰে ধেমালি।।
কামিজৰ ছিগো_ছিগো চিলাইত _
ওভতাই বিচাৰিছিলা ল’ৰালি,
দুহাতত বিচাৰিছিলা দুমুঠি তৰালি,
স্মৃতিৰ ৰঙীন ৰুমাল হাতত সামৰি,
তোমাৰ দেশৰ অৰঙে দৰঙে,
বন্ধুৰ হাত ধৰি_
ফুৰিছিলা লৱৰি।
সময়তকৈ আগেয়ে বৰষা আহে,
ভালপোৱাৰ দিকচৌ বাটত_
হাঁহি মাৰে আবতৰীয়া পদুম পাহে।
তোমাৰ শুকুলা চুলিৰ জোনাক
আমাৰ শেতা শেতেলীত উবুৰি খাই পৰে
তোমাৰ চকুৰ গভীৰতাৰ,
শব্দ বৰ্ণ চিত্ৰই
এটা অজুহাত লৈ
বিয়পি পৰে কবিতাৰ আখৰে আখৰে
0 comments:
Post a Comment