নদী
নিবেদিতা ভৰালী
নদীখন আপোন মনে বৈ থাকে
নদীৰ পানীয়ে
কুলকুল সুৰেৰে
বৈ যায়
আপোন বতৰা লৈ
হৃদয়ৰ কোহে কোহে
দি থৈ যায়
উৰ্বৰ পলস।
নদীৰ পলশত প্ৰাণপোৱা
কঁহুৱাই কাকনো বিচাৰি
হৃদয় উতনুৱা কৰে
হঠাৎ নদীৰ পগলা বানে
মহটিয়াই নিলে পলসুৱা
চন পৰা মাটিডৰা
লঠঙা মনবোৰো শিমলু তুলা হৈ
চঞ্চলা গাভৰু নাচনী
মুহূৰ্ততে শান্ত হৈ
নিৰৱ গতিত বৈ যায় জলৰাশী
কোনেও ধৰি ৰাখিব নোৱাৰে তাৰ অবাধ গতিক
খামোচি ধৰি ৰাখিব
নোৱাৰে মনবেগী ৰূপক।
0 comments:
Post a Comment