ইচ্ছা
কুমকুম ভৰালীইচ্ছাবোৰ বুকুত বান্ধি
লৈ ফুৰিছো
পুৰণ হোৱাৰ আশাৰে
ইচ্ছাবোৰ সজীৱ কৰি
গুপুতে ৰাখিছো
গছ বিৰিখৰ ডালে ডালে
থকা পাতবোৰ
লঠঙা হৈ নপৰালৈকে
জোনবাইৰ দেশতে
সপোনৰে ঘৰখন
সাজিবলৈ ৰৈ আছো
তৰা ফুলা নীলিমাত
জোনৰ স'তে
ৰঙৰ মেলা পাতিবলৈ
ৰৈ আছো
ৰিণিকি ৰিণিকি
ৰাঙলী পূৱাত
মোক বিচাৰিলে
জানো পাবা।
ৰঙীন চিলাৰ স’তে
ৰাঙীয়াল হৈ
উৰি যাওঁ
দূৰ দিগন্তলৈ
0 comments:
Post a Comment