কবিলৈ শ্ৰদ্ধাৰ্ঘ
(হীৰেন ভট্টাচাৰ্যৰ মৃত্যু তিথি উপলক্ষে)
ৰূপজ্যোতি ফুকন
বহাগ নামিছিল তোমাৰ উঠন বুকুৰ উপত্যকা ওপচি
কলিজাৰ কুহত খৰিকাজাঁই ফুলিছিল
সুগন্ধি পখিলাই মৌ চুহা দিন ধৰি
মই তোমাৰ প্ৰেমত পৰিছিলো
বুকুৰ পদূলিয়েদি ৰ'দ চফলীয়া
এজাক শব্দৰ সমদলত তোমাক
লিৰিকি সপি দিলোঁ সমস্ত দেহ।
লঘোণীয়া শব্দৰ অন্তেষপুৰত
চলাথ কৰিছিলো দুকুৰি বাৰটা বছৰ
খৰিকাজাঁই সুখত সুখী হোৱা তোমাৰ বুকুৰ উত্তাপ বিছাৰি।
উৱঁলা কামিজৰ উপান্ত কৃষকৰ ঘামত
তোমাৰ কলমে বুটাবাচিছিল
গাত লেঠা থকা মানুহজনীৰ জীয়া ছবি
আঁকি থৈ
দেশ-দেশান্তৰ ঘূৰি শান্তিৰ নিৰ্যাস পালা
আইৰ কোলাত
তুমি সেউজীয়া গুচি ছাই ৰঙী হলা
তথাপিও তুমি
আজিও সেউজীয়া
সুগন্ধি পখিলা হীৰুদা।
Nice...
ReplyDelete