উপায়ুক্ত, শিৱসাগৰত নিয়োগ জাননী ২০২১ : গাঁওবুঢ়া পদৰ বাবে আবেদন
শিৱসাগৰ জিলাৰ তলত উল্লেখ কৰা চক্ৰসমূহৰ অন্তৰ্গত গাঁও অথবা গাঁওসমূহত খালি হৈ থকা চৰকাৰী গাঁওবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে।
আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড ixত প্রকাশিত প্ৰ-পত্ৰত (Standard Form of Application) আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ ভ্ৰাম্যভাসনম্বৰ (ম’বাইল নম্বৰ) স্পষ্টকৈ আবেদনত সন্নিবিষ্ট কৰাটো বাধ্যতামূলক।
ৰাজহ চক্র
১৷ আমগুৰি
২৷ আমগুৰি
৩৷ ডিমৌ
মৌজা
১৷ শলগুৰি
২৷ শলগুৰি
৩৷ নিতাইপুখুৰী
গাঁও/গাঁওসমূহৰ নাম
১৷ আমগুৰি ৰাজহ চক্ৰৰ শলগুৰি মৌজাৰ জয়সাগৰ, ৰুদ্ৰসাগৰ, গড়কাষৰীয়া আৰু জেৰেঙাহাবি গাঁও
২৷ আমগুৰি ৰাজহ চক্ৰৰ শলগুৰি মৌজাৰ চিৰাখুন্দা গাঁও
৩৷ ডিমৌ ৰাজহ চক্রৰ নিতাইপুখুৰী মৌজাৰ ভাতগাঁজ, গােহাঁইগাঁও আৰু পাৰলিগুৰি
আবেদনকাৰীৰ তলত উল্লেখ কৰা অহর্তাসমূহ থাকিব লাগিব
১। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰৰ এখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
২। আবেদনকাৰীৰ বয়স ন্যূনতম ২৫ (পঁচিশ) বছৰ হ'ব লাগিব আৰু শিক্ষাগত অহা ন্যূনতম দশম শ্রেণী উত্তীর্ণ হ'ব লাগিব।
৩। আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব।
৪। আবেদনকাৰী আর্থিকভাৱে দেৱলীয়া আৰু কোনাে চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব।
৫। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব।
৬। আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব।
৭। আবেদনকাৰী কোনাে ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব।
৮। আবেদনকাৰী সমাজৰ এজন উচ্চ মর্যাদাসম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হােৱাটো বাঞ্ছনীয়।
৯। আবেদনকাৰী প্রাকৃতিক দুর্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্রহণকাৰী তথা চৰকাৰক সহযােগ কৰা ব্যক্তি হােৱাটো বাঞ্ছনীয়।
১০। আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব।
আবেদনকাৰীয়ে দাখিল কৰা প্রমাণপত্রসমূহ যদি ভুৱা বুলি প্রমাণিত হয়, তেন্তে তেখেতৰ প্রার্থীত্ব
তাৎক্ষণিকভাৱেনাকচ কৰাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আবেদনপত্র শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ইংৰাজী ২৫/০৮/২০২১ তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।
বিজ্ঞাপনৰ সবিশেষ :
0 comments:
Post a Comment