পৃথিৱীৰ অসুখ
শেৱালি বৰুৱা
আই তোমাৰ বুকুৰ বিশুদ্ধ
বতাহ জাকক একবিংশ শতিকাৰ পংগু মানসিকতাই
কোঙা কৰিলে,
এটা মাথোঁ উশাহৰ বাবে দুহাত প্ৰসাৰিত কৰিছোঁ আই তোমাৰ কাষত;
তোমাৰ বুকুৰ নিৰূপম সেউজীয়াবোৰ নিশ্চিহ্ন কৰিবলৈ
পৃথিৱীৰ বুকুত বুলড জাৰৰ মোক্ষম আঘাতেৰে তোমাক যন্ত্ৰণা দিওঁতে
তোমাৰ উঁচুপনিত নিশাবোৰ ধাৰাল হওঁতে ,
তুমি সেউজীয়াবোৰ হেৰুৱাই যুগৰ এন্ধাৰবোৰ সাৱটি লওঁতে
সেইদিনা আমাৰ আহৰি নাছিল
তোমাৰ খবৰ ল'বলৈ আই!
আজি তোমাক বিচাৰি ফুৰিছোঁ আই
তুমি সিঁচি দিয়া সেউজ বকুলৰ গাত আউজিবলৈ এখন্তেক;
ই কি আই!
বকুলৰ বুকুলৈকে কাঁইটৰ আঁচোৰ;
ক'ত বাৰু কৰা নাই তোমাক আঘাত?
আজি এটা মাত্ৰ উশাহ বিচাৰি
বিশ্বৰ প্ৰান্তৰৰ নিভৃতত
দগ্ধ হিয়াৰ উঁচুপনিত সময়বোৰ
আমাৰ হৈ থকা নাই আই!
তেজে ধোঁৱা উপত্যকাৰ বুকুত
এমুঠি সোণাৰু
ছটিয়াই দিয়াচোন আই,
ৰাধাচূড়াৰ ডালবোৰত ওলমি ৰোৱা নিশ্বাসৰ হুমুনিয়াহবোৰ
সৰি পৰক আমাৰ অশ্রুৰ ভাঁজত,
কৃষ্ণচূড়াৰ তলত এটা সেউজীয়া উশাহ বিচাৰিছোঁ আই!
পৃথিৱীয়ে আজি নীৰৱতাৰ চাদৰখন উৰি লৈ সন্ধ্যা আৰতি নকৰাকৈয়ে ভাগৰুৱা দেহাৰে শেতেলিত জিৰণি লৈছে;
ৰ'দৰ খবৰবোৰ কঢ়িয়াবলৈ
শুকুলা মেঘবোৰে লৰালৰিকৈ বাট এৰি দিয়া নাই ,
শতিকাৰ ক'লা ঘুমটিৰে আচ্ছন্ন অৱশ আজি মোৰ আই
দিয়া আই মাথোঁ এটা উশাহ দিয়া আমাক
ক্লীৱতাৰ নাঙঠ পোছাক যোৰ আৰু পিন্ধিব নোৱাৰো
উদং কলিজাটোৱে হাঁহাকাৰ কৰিছে তোমাৰ চিৰ শাশ্বত
ভালপোৱাবোৰ বিচাৰি বিচাৰি
এটা সপোনৰ বাটতে আধৰুৱা
ঘুমটিৰে বাট হেৰুৱাইছে অনুভৱবোৰে আই ক্ৰমশঃ!
তুমি প্ৰত্যাশাৰ এজাক সেউজীয়া
ৰ'দৰ খবৰ কঢ়িয়াই আমাক আঁকোৱালি লোৱা দুহাতেৰে
এটা উশাহৰ বাবে দুহাত
প্ৰসাৰিত কৰিছোঁ আই তোমাৰ কাষত
আদিম বৰগছবোৰ উৱঁলি পৰোঁতে সিদিনা তোমাৰ উচুপনি
শুনিবলৈ সময়েই নাপালোঁ
তুমি নৰিয়াত পৰাৰ খবৰটোৱে
আজি দেখোন কষ্ট দিছে আই!
আমি উভটিছোঁ সভ্যতাৰ শতায়ু
গৰকা তোমাৰ আশ্বাসৰ বট বৃক্ষৰ কাষলৈকে!
0 comments:
Post a Comment