কবিতা : চিঠিখন আজিও ডাকত দিয়া নহ'ল মৰম! ~ JOBON.IN

Friday, July 2, 2021

কবিতা : চিঠিখন আজিও ডাকত দিয়া নহ'ল মৰম!

 


চিঠিখন  আজিও ডাকত দিয়া নহ'ল মৰম!

শেৱালি বৰুৱা


ব'হাগৰ সাঁচিপাতত তোমালৈ

লিখা চিঠিখন ডাকত দিবলৈ

আজিও সময় নহ'ল মৰম!

তুমি দূৰ দিগন্তৰ সীমনাত বেলিটিৰ সৈতে হঠাতে সিদিনা

লুকাই যাওঁতে

তোমাক বিচাৰি ফুৰিছোঁ আজিও মোৰ বুকুৰ পদূলিত;

বকুল সৰা গধূলিবোৰত

দুবৰিৰ কোলাত উমলি থাকোঁতে

তুমি  ববচা বনেৰে গুঁঠি থোৱা

বকুলৰ মালাধাৰী আজিও সযতনে  আছে মোৰ হৃদয়ত!

মৰমৰ চৌপাশে তমসাৰ আৰ্তনাদৰ মাজে মাজে  তোমাক বিচাৰি ফুৰোঁতে  

যাযাবৰী মৰমৰ শব্দহীন উচুপনিত

মোৰ নিশাবোৰ ক্ৰমশঃ দীঘলীয়া

হ'ব খোজে তোমাৰ বাবেই মৰম;

ঠিকনাটো লিখি থৈ যোৱা হ'লে

এবাৰলৈ মোৰ অলিণ্ডত

উদাস বসন্তৰ তামৰঙী বেদনাবোৰক

সৰাপাতৰ উচুপনিত লিপিট খুৱাই থৈ দিলোঁ হেঁতেন!

ঋতুমতী গাভৰু ব'হাগৰ আঁচলতে মেৰিয়াই থ'লোঁহেঁতেন

মোৰ বুকুৰ অপ্ৰাপ্তিবোৰ !

তোমাক নোকোৱাকৈয়ে লিখি

পেলালো সাঁচিপাতৰ বুকুত

তমসাৰ ঘন ঘোৰ নিশাবোৰৰ

 অবুজ উচুপনিবোৰ;

তুমিতো নোহোৱাকৈয়ে বাৰে বাৰে ব'হাগ আহিল মোৰ জীৱন আকাশলৈ

কুঁহিপাতবোৰে বৰণ সলালে

মাথোঁ মোৰ হৃদয়ৰ নিৰ্বিকাৰ

অনুভৱবোৰ তোমাৰ স্পৰ্শৰ

অৱসাদত কঁপি উঠে আজিও

নীৰৱে !

জীৱনৰ জীয়া ইতিহাসবোৰক

দু ওঁঠত আঁকিবলৈ গৈ মই

বাৰে বাৰে ভাগৰুৱা হও মৰম!

কিমাননো মুখাৰ আঁৰৰ মুখখন লুকুৱাবলৈ চেষ্টা কৰিম?

অহৰ্নিশে তোমাক বিচাৰি

প্ৰতিশ্ৰুতিৰ ৰক্তিম আবেলিটোত 

তোমালৈ লিখি থোৱা চিঠিখন 

ডাকত দিবলৈ আজিও সময়েই নহ'ল মৰম!

ঠিকনাটো বিচাৰি অৱৰুদ্ধ হৃদয়ত বাৰে বাৰে  ব'হাগে বাট

হেৰুৱাই পেলাব খোজে মৰম;

এটি ঠিকনাৰ বাবে আজিও

মই অপেক্ষাৰত

সাঁচিপাতৰ বুকুত লিখিম

জীয়া জীৱনৰ অলিখিত ইতিহাস

নিৰৱিছিন্ন গতিত তোমাক বিচাৰি বিচাৰি

মোৰ যন্ত্ৰণাৰ দলিলখনক

প্ৰত্যুত্তৰ বিচাৰি বিচাৰি

চিঠিখন আজিও ডাকত দিয়া

নহ'ল মৰম!

 সচাঁকৈয়ে  বাৰু কুশলে 

আছানে মোৰ মৰম??

এবাৰলৈ সুধিছো মাথোঁ

প্ৰতিপল মৰি মৰি জীয়াই থকাৰ

আৱেষ্টনীৰে নিজকে হেৰুৱাই পেলোৱা বিশেষ আবেলিটোৰ

পৰাই অঘৰী সপোনবোৰক

চকু পানী মচি দিব পৰা নাই

অ' মৰম!


Share:

1 comment:

Labels

Archive

Contact Us

Name

Email *

Message *

Pages