শিকনি
মামনি গোস্বামী
সু-দিন আহিব যেতিয়া,
মই ভাল মানুহ হৈ উঠিম।
নিজক পৰিবৰ্তন কৰি
সকলোৰে কাৰণে ভাবি,
কৰ্ম কৰিম। সময় ধন
কেৱল ভোগ বিলাসত
অপচয় নকৰি - অসুষ্ঠ,
অসমৰ্থসকলক সাহায্যৰে
সুষ্ঠ সমৰ্থ কৰি তুলিম।
মই হাঁহিম, সকলোকে হঁহুৱাম।
মই নাচিম সকলোৰে কাৰণে,
মই আনন্দ কৰিম চাৰিওফালৰ সকলোকে লৈ।
ঘুৰি ঘুৰি শান্তি, সুখ,আনন্দ
চৌপাশে বিলাই দিম।
প্ৰভু...' কৰ’না ' মহামাৰীৰ
জৰিয়তে তুমি মোক গভীৰ
নিদ্ৰাৰ পৰা জগাই তুলিলা।
অন্ধকাৰ আঁতৰি গ’ল,
ৰশ্মি পালো সকলো ফালে
দেখাৰ, লগতে পালো নতুনকৈ
জী উঠাৰ শিকনি।
ঠিকনা : কলকাতা
ফোন : ৯৯০৩০৫৩৩২৯
0 comments:
Post a Comment