কবিতা : সন্ধান ~ JOBON.IN

Saturday, July 17, 2021

কবিতা : সন্ধান



সন্ধান
অৰ্চনা হাজৰিকা

শূন্যতেই সৃষ্টি যাৰ
শূন্যতেই প্ৰশান্তি তাৰ
তুমি কোন? মই কোন?
যাৰ নাই সমাপ্তি!

একেজন ঈশ্বৰৰ সৃষ্টি
যাৰ নাই ধৰ্মৰ পৰিচয়
মাত্ৰ পৰিচয় তুমি আৰু মই
     পুৰুষ প্ৰকৃতি।

লানি নিচিগা শূন্যৰেই হৈছে
    আৱিষ্কাৰ

ৰোগ, শোক, জড়া,মৃত্যু
   সকলো মাত্ৰ সৃষ্টি

মানৱৰূপী যন্ত্ৰৰে কৰিছে
  ন ন আৱিষ্কাৰ
বিজ্ঞানৰ চৰম পৰিণতিত হৈছে
      জাতিস্কাৰ।

যাৰ নাই আদি অন্ত
তেওঁৱেই অনাদি
  মাত্ৰ এক জ্যোতি বিন্দু
  পোহৰৰ আলোক পিণ্ড
আহি আছে গৈ আছে
  শুদ্ধতাৰ পথত

তমসা আঁতৰি যাওক
শুদ্ধ পথে আগুৱাওক

ঠিকনা : সেউজ নগৰ, হাতীগড়, যোৰহাট
ফোন : ৯১০১১৫৪৬৩৭


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages