সমুদ্ৰ
নিবেদিতা ভৰালী
খিৰিকীখন মেলি দিওঁতে
হিমচেচাঁ ফিৰফিৰিয়া
বতাহজাকে চেঁচা কৰি
থৈ যায় মোৰ শৰীৰটোক।
দেখা পালো,
বিশাল সমুদ্ৰৰ তৰঙ্গৰ খেলা।
ঢৌবোৰে লহৰ তুলি
আকাশৰ ইমুৰ চুইছে।
কি অপৰূপ দৃশ্য
হেঁপাহ নপলায় তোমাৰ বিনন্দীয়া ৰূপ।
তোমাক লৈ ৰচো
ক'ত যে মৌ ভৰা সপোন।
এন্ধাৰ হ'লে হু হু শব্দৰে
অহা-যোৱা কৰা
উদং শুকুলা বালিচৰত।
চন্দ্ৰমাৰ পোহৰ তোমাৰ
গালত পৰি তিৰবিৰাই।
তুমি সৰগৰ সাগৰ
এন্ধাৰৰ সীমনা ফালি
সপোনৰ তুলিকা তুলি
তুমি যে এক জলকুৱঁৰী।
0 comments:
Post a Comment