কবিতা : ভালপোৱাৰ নদীখন বিচাৰি ~ JOBON.IN

Thursday, July 1, 2021

কবিতা : ভালপোৱাৰ নদীখন বিচাৰি

 ভালপোৱাৰ নদীখন বিচাৰি

শেৱালি বৰুৱা


নিশাৰ অৰণ্যৰ বতাহৰ

সুহুৰিত পোহৰবোৰ সাজু

হৈ উঠে তোমাৰ আৰু মোৰ

 বুকুত এধানিমান পোহৰ

ছটিয়াই যাবলৈ,

ভালপোৱাৰ অৰণ্যত তোমাৰ

নিবিড় মৰমৰ চাকিৰে মোক

তুমি পোহৰাই দিয়াৰ দিনাই

মই পিন্ধি লৈছিলো সেউজীয়া

আৱৰণ মোৰ দেহৰ 

ভাঁজে ভাঁজে!


সেউজ হৃদয়খনৰ মাজত লিপিট

খাই ধৰিছিল মৰমৰবোৰ

কোনেও নজনাকৈ!

তুমিও নজনাকৈ!

মই আহিছিলো আৰণ্যক জোনাকত এসাগৰ আদিম

সুবাসত তিতিবলৈ তোমাৰ

হৃদয়ৰ মাজত!

আজিও বিচাৰোঁ

নীলৰঙী আৰণ্যক অনুভৱৰ

টুকুৰাবোৰ বুকুৰ মাজত 

জানো মই

  সযতনে  আছে ভালপোৱাবোৰ!

কিন্তু কথা ক'বলৈ যেন

পাহৰি গৈছে

ভালপোৱাৰ নদীখনক চাই

চাই এদিন বুকুৰ মাজত

বৈ যাবলৈ দিছিলা

পোহৰবোৰৰ  এসন্ধ্যাত

মৰম নামিছিল বুকুলৈ

সকলোবোৰ মাথো তোমাৰেই হৈছিল

ভালপোৱাৰ বুলনিৰে আমাৰ জীৱনে পাৰ ওপচাই হাঁহিছিল

সকলোতেই  মাথোঁ তুমিয়েই আছিলা!

আজিও বিচাৰি ফুৰিছোঁ

মোৰ বুকুৰ আদিম অৰণ্যৰ

নীলিম সন্ধ্যা বেলা তোমাৰ

জীৱনৰ মাজত মোৰ সেই

ভালপোৱাৰ নদীখনক,

 মৰমৰ তৰংগবোৰ  শিলনিত বাধাপ্ৰাপ্ত

হৈ কেতিয়াবা উভটি আহিলেও

তুমি উভটি যোৱাৰ পথ বিচাৰি

নুফুৰিবা অ' মৰম!

হ'ব পাৰে বুকুৰ ভালপোৱা নদীখনৰ ৰংবোৰ শেঁতা

সেউজীয়া বোৰ ধূসৰ

কিন্তু আবেগবোৰ আজিও আছে চোৱা এবাৰ 

নিজকে সুধি


মোক বিচাৰি চোৱা  

তোমাৰ মাজত

মই ওভোটাই দিম ভালপোৱাৰ

সেই আৰণ্যক সেউজীয়াৰ

বুকুৰ নদীখনক

সময় শিলনিত হেৰাই যোৱাৰ

অজুহাতত ভালপোৱাবোৰ

হেৰুৱাই পেলাবলৈ গৈ আছো

নে কি ক্ৰমশঃ????

ওহোঁ জীৱনক পাহৰি যোৱাৰ

ৰুদ্ধ দ্বাৰত আৱদ্ধ কৰি 

ভালপোৱাৰ অপমান নকৰিবা

ভালপোৱা নদীখনক

বুকুৰ মাজেদিয়েই প্ৰবাহিত

হোৱা সপোনবোৰৰ মাজতেই

 সাৱটি লোৱা

দেখিবা বিনা দ্বিধাই  তোমাৰ

বুকুৰ মাজত ভালপোৱাবোৰে

আহি জিৰণি ল'ব

ভালপাওঁ বুলি ক'বলৈ

কোনো সময় নিবিচাৰিবা

হৃদয়ক ভালপোৱাৰে সজাই

দি তুমিও  মোকেই সাৱটি

 লোৱানা মৰম!!


Share:

0 comments:

Post a Comment

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages