ৰ'দৰ বুকুত বৰ্ষাস্নাতা সপোনবোৰে ৰিঙিয়াই মাতে
শেৱালি বৰুৱা
জীৱনৰ বাটত তেজষ্ক্ৰিয় ৰশ্মিৰে আবৃত ধূসৰ ছবিখন আকোঁতে
এজাক জীপাল সেউজীয়া বৰষুণ সেইদিনা
প্লাৱনসিক্ত ধৰাক বিচাৰিছিলো
মোৰ হৃদয়ৰ আলয়ত
সপোনৰ এজাক বৰষুণ!
ঝমঝম শব্দেৰে মুখৰিত বর্ষণ সিক্ত নিশাৰ শেতেলীত এজাক সপোনে ঘৰ বান্ধে আইৰ বুকুৰ পিৰালিত ,
পিতাইৰ হেঁপাহৰ নাঙলটোৰ কৰ্ষণত বৰষুণ জাকেও হাঁহি উঠে এটি সেউজীয়া সপোন হৈ
খিলখিলাই!
বাৰিষাৰ প্ৰথম জাক বৰষুণ আমাৰ বাবে প্ৰত্যয়ৰ এটি নতুন পুৱাৰ আলিংগন,
কাগজৰ নাও সাজি চোতালৰ
এডোঙা পানীত উটুৱাই দিওঁতে
এজাক অবুজ সপোনে ছুই গৈছিল শৈশৱতে,
নষ্টালজিক হওঁ বর্ষণ মুখৰ আবেলিবোৰত
মনত পৰে কাগজৰ নাও সজা কোমল আঙুলিকেইটালৈ,
সেইজাক সপোনৰ বুকুত প্ৰেমৰ
মিঠা আবেলিটোৱে সিঁচি দিছিল
মৰমসিক্ত দুটি ওঁঠত খৰিকাজাইৰ চুমাবোৰ, আলফুলকৈ বুকুত সাৰ পাবলৈ
আৰম্ভ কৰিছিল মৰম নামৰ এটি শব্দই তোমাৰ হ'বলৈ মৰম;
সেউজীয়া বৰষুণ জাকত ৰ'দৰ আলিংগনে নিচুকাব নোৱাৰে
জীৱনৰ ভাল লগা শব্দবোৰক,
বৰষুণৰ ছন্দত বুকুৰ কুটীৰত
এজাক অনুভৱী শব্দই সংগোপনে লিখি যায় ভালপোৱাৰ প্ৰথমখন চিঠি তোমাৰ বাবে মৰম,
বৰষুণৰ বুকুত মোৰ পিতাইৰ হেঁপাহবোৰে ঘৰ সাজোঁতে সিদিনা ময়ো অজানিতে
আকুল হৈছিলো পিতাইৰ সপোনবোৰক সজাই দিবলৈ,
ৰাশি ৰাশি হেঁপাহৰ বৰ্ণমালাৰে
এজাক ৰিমজিম বৰষুণৰ নূপুৰৰ
শব্দত জীৱনৰ কথাবোৰ গভীৰতৰ হৈ মোক নিচুকাব খোজে তোমাৰ বাবেই মৰম;
আজিও বর্ষণ মুখৰ সন্ধিয়াত
হেঁপাহৰ তৰাৰ থোপাবোৰক বিচাৰি বুকুৰ মাজত নিশব্দে উঁচুপি উঠো,
যোৱানিশাও আহিছিল এজাক
প্ৰত্যয়ৰ বৰষুণ মোৰ হৃদয়ৰ কুটীৰ পোহৰাই হাঁহিবলৈ ঠিক
তোমাৰ দৰেই মৰম,
আজিও বৰষুণ মোৰ প্ৰিয়
শব্দ আকাশৰ বুকুত উমলি ভাগৰ লাগিলে মোৰ কোলাত
উঁচুপিবলৈ অহা এজাক সেউজীয়া বৰষুণ!
0 comments:
Post a Comment