কবিতা : বিষ্ণুৰাভা তুমি প্ৰভাতী পুৱা ~ JOBON.IN

Sunday, June 20, 2021

কবিতা : বিষ্ণুৰাভা তুমি প্ৰভাতী পুৱা

 


বিষ্ণুৰাভা তুমি প্ৰভাতী পুৱা

শেৱালি বৰুৱা


মোৰ আইৰ চোতালৰ তুলসীৰ

তলত তোমাৰ অন্তিম শয়নত

সেইদিনা চৌদিশে হাঁহাকাৰ শুনিছিলো!

সকলোৰে কলিজাৰ 

হাঁহাকাৰবোৰ

চকুপানীবোৰ

সেইদিনা মৌন সমদলত

হেৰাই যাব খুজিছিল! 

নিজম নিশা তোমাৰ 

শেষ গীতে উচুপিছিল!

আমাৰ বুকুৰ মাজত  তুমি

নোহোৱা হোৱাৰে পৰা আইৰ

দুৰ্গতিৰ সীমা নোহোৱা হ'ল'।

অসমৰ বাৰে বৰণীয়া কৃষ্টি 

সংস্কৃতিক  বুকুৰ বৰপেৰাটিত লুকুৱাই 

অসমৰ বৰ লুইতৰ দুয়োপাৰে

প্ৰবাহমান  জাতি-জনজাতিৰ

কৃষ্টি বুটলি বুটলি

তুমি কেতিয়াও ভাগৰি পৰা

নাছিলা কমৰেড!

তোমাৰ যাউতিযুগীয়া গীতৰ

মাজে মাজে বৰগীতৰ অমিয়া

সুৰ আমাৰ হৃদয়ৰ শিৰাই শিৰাই

প্ৰবাহিত হৈ ৰ'ল আজিও!

পৰজনমৰ শুভ লগনত

তোমাক আকৌ লগ পোৱাৰ

হাবিয়াস বুকুৰ মাজতেই

কঢ়িয়াই  ফুৰিছো!

তোমাৰ কবিতাৰ ছন্দ লাগি

বুকুৰ মাজত সৰি পৰে

চেনেহীৰ  ভালপোৱা

তোমাৰ মুক্তিৰ দেউলত 

আজিও তোমাক  হিয়াৰ মাজত জনতাই বিচাৰি থাকে

তুমি যে নাই!

অসমৰ সংস্কৃতিৰ  আকাশৰ

 ভোটা তৰাটো অহা বাটে উভটি

গ'লগৈ!

হাতত ষ্টেনগান লৈ

জনতাৰ ক্ষুধাৰ অগনি

বুকুত বান্ধি ফুৰিবলৈ আৰু

যে তুমি কেতিয়াও উভটি

 আহিব নোখোজা নহয়নে???

জীৱনৰ বৈভৱবোৰ ভগাই

দি উৰুখা পঁজাতেই জীৱন

নাটৰ কল্যাণ খৰখান গাই 

তুমি পোহৰ ছটিয়াই গ'লাগৈ

তিমিৰৰ বুকুত জ্বলি থকা

বন্তি গচিয়েই আছিলা 

তুমি আমাৰ সৰ্বহাৰাৰ পিতৃদেৱতা !

হে ৰাভাদেৱ তোমাক 

সহস্ৰ প্ৰণাম!

হে শিল্পী তোমাৰ কপর্দকহীন

জীৱনে আমাক শিকাই গ'ল

তুমি অনিৰ্বাণ

তোমাৰ প্ৰজ্বলিত শিখাই

আমাৰ কলিজাত বাকি গ'ল


ওৰেটো জীৱনৰ বাবে সুৰৰ পিয়লা আৰু জীৱনৰ জয়গান!



Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages