কবিতা : অণ্বেষণ ~ JOBON.IN

Tuesday, June 1, 2021

কবিতা : অণ্বেষণ

 


অণ্বেষণ


অৰ্চনা হাজৰিকা

    

ন সুৰুজৰ ৰেঙনিয়ে

ক'লা ডাৱৰবোৰ আঁতৰাইছে৷

পুৱতিৰ উজ্জ্বল জ্যোতিয়ে 

সকলোতে পোহৰ বিলাইছে।

শস্য-শ্যামলা পথাৰবোৰত,

গছ, বিৰিষত ন কুঁহিপাত ঠন ধৰি উঠিছে।


ৰিব ৰিব মলয়া জাকে 

সকলোৰে গা-মন শাত পেলাইছে।

কুলি কেতেকীৰ সুললিত কণ্ঠে

সকলোকে আপ্লুত কৰিছে।

মঠ, মন্দিৰ, নামঘৰবোৰত

দবা, কাহ, শংখ, ঘণ্টা, উৰুলিৰ ধ্বনি ভাহি আহিছে।


হে প্ৰাণবন্ধু! তোমাৰ বগা জ্যোতিৰে সকলোকে আৱৰি ধৰা

অপায়, অমঙ্গল দূৰ কৰি

সুমঙ্গল কঢ়িয়াই আনা।



Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages