শোক
ৰূপজ্যোতি ফুকন
কাকতি ফৰিংবোৰ খেদি গান গোৱা
কবিজন সাহস বান্ধি অঘৰী হ'ল
আজলী পুৱাৰ নি়ঃকিন বতাহজাকে
বৰগছৰ কবিতা এটা হৈ
মোৰ বুকুৰ পদূলিত
শোকৰ পুলি এটা ৰুলে,
নিৰ্ঘাত সত্য
কল্লোলিত বন্দৰ এতিয়া নিমাত
শত দধিচীৰ প্ৰেমবোৰ ছাই হৈ
মৌন-মুক কবিতাৰ পংক্তি
বিষ্ণু ৰাভা সাৰে আছে
সাৰে আছে অশোক দাস।
সুন্দৰ কবিতা। জোনৰ দেশলৈ যোৱাৰ
ReplyDeleteএকেটা দিনকেই যেন দুয়োজনে বাচি ল'লে।
এতিয়া ফৰিং খেদা কবিতা গাবলৈ সাহ আঁজুৰি অনাৰ সময়..….