উদাত্ত কণ্ঠৰ মানুহজন
(অসম আন্দোলনৰ অগ্ৰণী নেতা সমীৰণ বৰদলৈৰ সোঁৱৰণত)
বন্দিতা গোস্বামী
মানুহজনৰ কণ্ঠ
এদিন উদাত্ত আছিল।
অগ্ৰণী নেতাজন
নগৰ-চহৰ, গাঁও-ভুই
আবাল-বৃদ্ধ-বণিতা
ভাই-ককাই
সকলোৰে মনৰ আপোন৷
সমাজত কৰ্ম কৰাই
মনৰ আঁৰৰ সপোন।
কুৰি শতিকাৰ
বিদেশী খেদোৱা আন্দোলনৰ
উদাত্ত কণ্ঠৰ
চফল ডেকাজন
আজি শুই পৰিল।
তুমি আছিলা প্ৰিয় নেতা
সুৰবাহিনী, ৰাজহুৱা সভা তেল অৱৰোধ, শোভাযাত্ৰা,
সকলোতে দিছিলা ন মাত্ৰা।
খোজ কাঢ়ি, চাইকেল চলাই
ৰাইজক বতৰা বিলাই
আন্দোলনক জাগ্ৰত কৰাৰ
অকুণ্ঠ প্ৰয়াস।
ভাগৰি নপৰা নেতাজনৰ
আজি ৰুদ্ধ শ্বাস।
জনতাৰ কাষত
দুখৰ দিনটো তুমি
সুখৰ দিনটো তুমি
দিহা পৰামৰ্শতো তুমি
সাহস দিবলৈও তুমি
ক'ত নাছিলা তুমি?
তুমি সকলোৰে আপোন
ইও এক কলা,
হ’ব পাৰে দৰদী মনৰ দত্ত্বা
সঁচাই প্ৰকৃত মানৱ সত্ত্বা।
তেজাল ঘোৰাৰ দৰে অবিৰতএক যাত্ৰা।
ৰাইজেই তোমাৰ প্ৰাণ
সভাথলী, ভাওনাথলী,
জাতি-জনজাতিৰ বিহুথলী,
সমাজৰ কাম, শ্ৰদ্ধাঞ্জলি
সকলোতেই মানুহজনক বিচাৰে,
হয়তু সত্য সমাধান
দিব পাৰে।
তুমি কৰ্মযোগী
মনত ভেদভাৱ নাই,
মনত সংকোচ নাই,
মনত সৰু -বৰ নাই,
কাৰ বাবে কিমান কৰিলে
তাৰো প্ৰকাশ নাই।
উদাত্ত কণ্ঠৰ মানুহজন
বাতৰিৰ প্ৰথম পৃষ্ঠাৰ খবৰ হৈ আহিল,
মনৰ ভিতৰত জনতাই
অশ্ৰু অঞ্জলি যাচিছিল।
জনজীৱনৰ মন প্ৰাণ জিনি
চিৰদিনলৈ
শান্তিৰ জিৰণি লৈছিল।
ঠিকনা : তৰাজান, যোৰহাট
ধুনীয়া লিখিছে
ReplyDelete