কবিতা : ৰ'দৰ বাঁহী ~ JOBON.IN

Tuesday, June 8, 2021

কবিতা : ৰ'দৰ বাঁহী

 ৰ'দৰ বাঁহী


ৰূপজ্যোতি ফুকন 


ৰ'দ ভাল পোৱাজনক কোনে ভাবে

টাবত অৰণ্যৰ সৌৰভ বিচৰাসকলে?

দুই কিলো দাংবডি, তিনি কিলো বেঙেনা

মোনাত আটেমানে ভাত কেৰেলা, অমিতা কেইটাৰে বজাৰ ভ্ৰমা

ঘামৰ উমত বজোৱা ৰ'দৰ বাঁহী

কোনে শুনে

ধূলি-মাটিৰ লেছেৰি বিছাৰি নোপোৱাজনে?

চুইচ দিলেই জাৰ-জহ আতঁৰি যোৱা

মৌন মুক ভাওৰে কঠালভাঙি খোৱা

মুখত মিচিৰি থকাজনে?


এযোৰ পাৰত তিনিসাজ ভাত

খাহিটো বিকি পোনাহঁতৰ গৰম সাজ 

পুৰণি ওক দিয়া ৰোগৰ চিকিৎসা

দীঘলীয়া হুমুনিয়াহৰ হিচাপ কৰা

ৰ'দৰ বাঁহী

কোনে শুনিব?


শাওনৰ সংজ্ঞাহীনতাত ভোগা

আউঁসীৰ আবিৰে নুচোৱাজনে

ৰ'দৰ বাঁহীৰ আৱাহন বুজিব?


কুঁৱলী খেদি খেদি জীৱনৰ বাট সিয়া

ৰ'দ ভাল পোৱা জনক কোনে ভাবে

হাজাৰটা বহাগক জীপাল কৰা

উৰুঙা পথাৰক সেউজীয়াৰ পৰা

সেওঁতা ফালি আঘোণত নৰা পেঁপা বজোৱা

ৰ'দৰ বাঁহীৰ আৰতি কোনে কৰিব?


ৰ'দৰ নিদাঘ পিঠিত সামৰি

উন্মুক্ত আকাশ অঁকাজনে

নে Morning/Eveningত বাটে ঘাটে

প্ৰভূভক্তৰ লেকামত ঘাম সৰুৱা জনে?


বৰদৈ জাপিত সেউজীয়া নামে

ৰ'দৰ বাঁহী বাজে

সৰুদৈয়া জাপিত কৰতাল বাজে

ঢেমাধৰাৰ টিপ্পনি

বজাই যোৱা

তালিকাত হিতাধিকাৰী।


ৰ'দৰ বাঁহী বজোৱাজনক

আপাতঃ

কোনেও নুপোচে।


তথাপি!


বাটতেই হওঁক ঘাটতেই হওঁক

ৰ'দৰ বাঁহীৰ বুকুচাত সেউজীয়া নামে

শাওনৰ ঢলত ৰ'দ বগায়

আঘোণ এদিন সোণালী হয়।


ৰ'দৰ বাঁহীত সুখ

ৰ'দৰ বাঁহী। ৰ'দৰ।

পথাৰ। চ'তালৰ।।।

ঠিকনা : বিষয় শিক্ষক, গোলাঘাট ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages