কবিতা : তই নতুন হৈ আহিছ ~ JOBON.IN

Monday, June 7, 2021

কবিতা : তই নতুন হৈ আহিছ

 তই নতুন হৈ আহিছ


কাব্যশ্ৰী মহন্ত


তই নতুন হৈ আহিছ

উচাহৰ আত্মীয়তাত বাউলী কৰি

প্ৰতি পলৰ হালধীয়া অলংকাৰ পিন্ধাই

আউলী চুলিত খৰিকাজাঁই হৈ আমোলমোলাইছ


তই নতুন হৈ আহিছ

বিশ্বাসক উত্তাপ দি আৱেগক বৰফ কৰি

পানী কৰি বোৱাইছ

শতাশা নিৰাশা অচিন চিনবোৰক আৱৰি

দ নদী বাম কৰি বানপানীৰে জুৰুলা কৰিছ


তই নতুন হৈ আহিছ

হুমুনিয়াহ আঁতৰাই আপোনত্বৰ সুবাস ঢালি

প্ৰতিশ্ৰুতিৰে মথাউৰি সাজিছ

মৰমৰ পলস সানি আকৌ এবাৰ

বালিয়া মাটি সাৰুৱা কৰিছ


তোৰ নতুন পুৰণি সামঞ্জস্যত অভ্যস্ত মই

তোৰ নিত্য নতুন ছবিৰ মোহময়ী নায়িকা মই

নালাগে দিব গধুৰ উপমা 

নালাগে পিন্ধাব আত্মযশৰ মালা


তই নতুন হৈ আহিছ

পুৰণি হৈ ৰৈ যা

পুনৰাবৃত্তি নালাগে 

স্হায়িত্ব লাগে


সংজ্ঞা হয়তো ভিন্ন

প্লট কিজানি একে !


       

Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages