আই এমুঠি উশাহ আমাৰ বাবে
(বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাই এটি ক্ষুদ্ৰ অনুভৱ)
শেৱালি বৰুৱা
আই এমুঠি উশাহ ওপজা ক্ষণৰে
পৰাই তুমি দি আহিছা
এমুঠি সেউজীয়াৰ বুকুত
অব্যক্ত বেদনাবোৰক গোপনে
গোপনে নিচুকাব তুমিয়েই জানা আই;
উশাহবোৰ দেখোন আজি কিনিবলৈও নোপোৱা হ'লো আই;
বৈভৱৰ পৃথিৱীৰ মাজত এটা উশাহৰ বাবে দৰদাম চলিছে,
নীলাম হৈছে আমাৰ উশাহৰ!
আকাশে দিব খোজা এআকাশ
উদাৰতাৰ সেউজীয়াৰ মাজত
আমাৰ উশাহবোৰক আজি
কিয় বাৰু বিচাৰি নোপোৱা হৈছো আই?
বৃক্ষৰ কোলাত আউজি সপোনৰ
দেশখন সজাবলৈ তুমিয়েই শিকাইছিলা আই,
আঙুলিত ধৰি ধৰি ফলিত মাটি পেঞ্চিলেৰে লিখিবলৈ শিকাইছিলা
"প্ৰকৃতি আমাৰ আই
গছ আমাৰ বন্ধু"!!
লিখি লিখি চিঞৰি চিঞৰি পঢ়িছিলো নহয়নে আই ? নষ্টালজিক হও এৰি অহা
কুঁহিপাঠখনৰ বুকুত ফলিখনত তোমাৰ মৰমী হাতৰ পৰশ বিচাৰি,
আমি দেখুৱাব নোৱাৰিলোঁ আই
আমাৰ প্ৰজন্মক বৃক্ষৰ সেউজীয়া সপোন,
ক্ষমা বিচাৰিছোঁ আই তোমাৰ ওচৰত!
ফ'ৰ জিৰ বুকুত আমি হেৰুৱালোঁ সপোনবোৰক,
আমিবোৰে সভ্যতাৰ উচ্চতম শিখৰত সিঁচিব নাজানিলো
তোমাৰ বুকুৰ সেউজীয়া বীজ;
শিপাৰ সৈতে সংপৃক্ত হ'বলৈ
এতিয়া এমুঠি উশাহৰ পিছত
অহৰ্নিশে দৌৰিছোঁ আই,
পলসুৱা সপোনৰ গজালি এটাই
আজিকালি বুকুখনক অহৰ্নিশে হেঁচা দি ৰাখে
ভাৰাক্ৰান্ত সময়ৰ আক্ষেপবোৰ
কাক কওঁ আই?
বিচাৰি ফুৰিছোঁ আই তোমাৰ কোলাত জনমৰ আদিম পুৱাতে
পোৱা সেই চিৰ শাশ্বত সেউজীয়া
হেঁপাহবোৰক,
চিতা জুইৰ মাজত উশাহবোৰ
বিলীন হওতে উচুপি উঠা সপোনবোৰক তুমিয়েই নিচুকাব লাগিব আই;
এমুঠি আকাংক্ষা বিচাৰি
এমুঠি বিশুদ্ধ অক্সিজেন বিচাৰি
নিঃসংগ ঠিকনাবোৰ বিচাৰি
নিঃসংগ আবেলিৰ স্কেচ্ছখনত
আজি বাৰু কাৰ ছবি আঁকিম আই??
বৃক্ষক সময় থাকোঁতে আদৰিব নাজানিলো
সেইবাবে চাগে আজি প্ৰকৃতিয়ে মুক্ত মনেৰে বিলাই দিয়া সেউজীয়া উশাহবোৰ নীলাম হৈছে আই!
আই এমুঠি উশাহ বিচাৰোঁ আজিও তোমাৰ বুকুৰ মাজত
দুঃসময়ৰ পৃষ্ঠাত লিখি যোৱা
কথাবোৰে আমনি কৰিলেও আমাৰ বাবে তুমি
চিৰদিন আই হৈয়ে থাকিবা
এমুঠি উশাহ আমাৰ বাবে
দিয়া আই!
0 comments:
Post a Comment