কবিতা : সংগোপনে চকু থৈ ~ JOBON.IN

Saturday, June 5, 2021

কবিতা : সংগোপনে চকু থৈ

 সংগোপনে চকু থৈ

বন্দিতা গোস্বামী


আহিম বুলিয়েই

ওলাই গৈছিল

 কৰ'নাৰ সৈতে যুঁজি থকা মানুহজন।

 কিন্তু যি গ’ল গ’লেই।

তুমিতো যুঁজাৰু

কিন্তু নোহোৱা ৰঙামুৱা, চামুৰাই, আন সেনানী

হোৱা মাথোঁ তুমি

কৰ'না যুদ্ধৰ পৰাজিত সেনানী।

মৃত্যুৰ ৰথত ঘুৰিল

উশাহ-নিশাহৰ চকৰি,

চিকিৎসালয়ৰ বেহুৰ পৰাই আহিল

মৃত্যুৰ বাতৰি।

কোনেনো দেখিব

অন্তিম চকুৰ জাপ,          

কোনেনো সানিব

দেহত মাহ-হালধিৰ প্ৰলেপ,

কোনেনো গাত দিব

বগা কপাহী কাপোৰখন,

কোনেনো পিন্ধাব

অন্তিম যাত্ৰাৰ সাজযোৰ।


আজি কাৰো কোনো নাই, 

আপোনজনৰো কাম নাই 

আঁ‌তৰৰ পৰাই ঘুৰিল

 মুখাগ্নিৰ বাবে 

 দীঘল মাৰিত আঁ‌ৰি লোৱা

 জোৰবোৰ,

নোগোৱাকৈয়ে হ'ল বেদৰ মন্ত্ৰবোৰ।

কিয় লাগিছেনো

ফুল, তুলসী, দুবৰি, ঘিউ

আপোনজন, শংখ, বৰকাঁ‌হ

অচিনজনেহে কৰিব দাহ।


কীটে শেষ কৰা দেহাটো 

শিৰাই উপশিৰাই খায়,

প্লাষ্টিকেৰে মেৰাই থোৱা

শাৰী শাৰী দেহবোৰত

আপোনজনৰ অধিকাৰ নাই।


বান্ধি দিয়া সময়,

বান্ধি দিয়া নিয়ম, 

ই যেন

এক নিয়মৰ খেল,

ৰজা-প্ৰজাৰ

ধনী-দুখীয়াৰ 

সবাৰো একেই মেল।

ই জীৱন মৰণৰ যেন এক ৰণাঙ্গণ,

ভয়ে ভয়ে সংগোপনে

পলুৰ লেটাৰ দৰে সাজত

দুৰ দৃষ্টিৰে আঁতৰি আহে আপোনজন।


আপোন হৈও পৰ

জীৱনৰ বিচিত্ৰ খেল

একৈশ শতিকাৰ বিশ্বৰ।


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages