প্ৰেম
জেচমিন হুছেইন
আকাশলৈ মুখ তুলি
খালী পথবোৰ নিতালে শুইছে
এন্ধাৰক সুৱৰি...
কুৰুৱা বতাহে কৈ গ’ল
ক'ত হাজাৰ বছৰ পাৰ হৈ যোৱাৰ কথা
হেঁপাহৰ জোন
কাহানিও নাহিল নামি
জিৰাবলৈ এধানি..
পথে অপেক্ষাত ৰয়
আজিও...
কয়- শূন্যক এৰি আহ না...কাষলৈ
চপাই লওঁ বুকুৰ মাজলৈ...
মোবাইল-৮১৩৫৮৮৯৩৯৮
0 comments:
Post a Comment