কবিতা : কেনে আছা? ~ JOBON.IN

Friday, June 4, 2021

কবিতা : কেনে আছা?




 কেনে আছা?


ময়ূৰী শৰ্মা গোস্বামী 


কেনে আছোঁ বুলি ক'ম?

উশাহ লৈ থকাৰ মানেইটো সুস্হ নুবুজায়।

চৌদিশে ৰু ৰু এজাক 

ভয়ৰ ধুমুহা লৈ - 

এয়া জানো জীৱন জীয়াই থকা বুজায়। 


চিনাকী হেজাৰজনৰ হাত, 

মুঠিৰ পৰা সুলকি পৰিছে। 

অচিনাকী হেজাৰজনৰ জীৱন চাকি, 

চকুৰ সন্মুখতে নুমাই গৈছে। 

চৌদিশে মাথোঁ যেন কালমন্ত্ৰ। 

এমুঠি উশাহকেই সামৰি-সুতৰি, 

যেন সকলো অনুভূতিহীন একোটি যন্ত্ৰ। 


এদিন কংক্ৰিটেৰে আভিজাত্য বঢ়াবৰ বাবেই, 

ধৰিত্ৰীৰ বুকুৰ সেউজীয়া শেষ কৰি 

মৰুভূ কৰিছিলোঁ। 

আজি ধৰিত্ৰীয়ে আমাক উভতাই দিছে

মৰুভূমিৰ নিস্তব্ধতা৷

মৰুভূমিৰ নিসংগতা।

ওভতাই লৈছে 

সেউজীয়া অম্লজান।

পুৱতি নিশাৰ আজান। 

নদী মাথোঁ নদী হৈ বৈছে। 

মানুহ কেৱল কালৰ পুতলা হৈ ৰৈছে। 


সময়ৰ চকৰি ঘূৰি থাকিব৷

আজিৰ ৰাতি শেষ হ’লেই,

কাইলৈ নতুন সূৰুয ওলাব।

কাল সময় শেষ হ’লেই 

আকৌ মুকলি বতাহ ব'ব।

সেই মুকলি বতাহেৰে, 

সেই সেউজীয়া আশাৰে, 

সেই উদিপ্ত সূৰুযেৰে, 

প্ৰতিটো নৱজাতকৰ বাবে 

আকৌ মৰুদ্যান বনাব লাগিব। 


বুজিটো পালোঁ সকলোৱেই - 

ধনে কি কৰিব 

যদি অম্লজান নাথাকে। 

আভিজাত্যই কি কৰিব

যদি সুহৃদ নাথাকে। 

সুউচ্চ অট্টালিকাই কি কৰিব 

যদি আপোনজনৰ চকুলো নাথাকে। 

মৰুভূমিয়ে কি কৰিব 

যদি সেউজীয়া নাথাকে। 

ভৱিষ্যৎ প্ৰজন্মই কি কৰিব 

যদি আজি আমাৰ বিবেক নাথাকে।


Share:

0 comments:

Post a Comment

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages