জীৱনৰ ছন্দ
(কলাগুৰুৰ শ্ৰীচৰণত)
উৎপল ভূঞা
ছন্দ বিচাৰি ফুৰিছো
জীৱনৰ ছন্দ
বিচাৰি ফুৰিছো
ৰ’দে পুৰা শাওণৰ মাটিত
ৰক্তক পানী কৰি
দেহাৰ ঘাম পেলাই
পথাৰত চন পেলোৱা
মানুহৰ গোন্ধ
হেঙুল হাইতাল বিলাবলৈ
মোৰ কাষত আজি নাই
আপোনজন
সুৰৰ দেউলত
জিঞ্জিৰি চিঙি
মানুহৰ জয় গান গাবলৈ
নাই আপোনজন
বুকুত সাঁচি থৈছো
এটাই নাম
বুকুৰ আপোনজনৰ
0 comments:
Post a Comment