এমুঠি শব্দ বিচাৰি
শেৱালি বৰুৱা
বাস্তৱৰ এমুঠি শব্দেৰে লিখি থৈ যাব খোজো ছন্দোবদ্ধ কবিতা,
তোমাৰ হৃদয়ৰ অন্তৰ্মুখী
জটিল প্ৰশ্নটোৰ সমাধানসূত্ৰ বিচাৰি বিচাৰি আজিও বাট হেৰুৱালোঁ সপোনৰ;
বৈভৱৰ শব্দবোৰৰ মাজত দেখোন নিভাঁজ শব্দবোৰৰ আউল লাগিবলৈ ধৰে,
এখন ছবি আঁকিম জীৱনৰ
সকলো থাকিবনে বাৰু তাত?
মোৰ আকাংক্ষাৰ এজাক বিহংগক লৈ
উশাহৰ সেউজীয়া বেলিটোক
সামৰি আঁকিম এখন জীয়া ছবি
জীৱনৰ পৰা জীৱনলৈ!
হৃদয়ৰ পৰা হৃদয়লৈ!
শব্দৰ পৰা শব্দলৈ!
কিন্তু হালধীয়া সৰাপাতৰ বুকুত
নিৰ্লিপ্ততাৰ জীয়া সুহুৰি এটাই
মোক ক্ৰমশঃ আঁতৰাই নিব খোজে এই জীৱনৰ পৰা,
এই সেউজীয়া আবেলিটোৰ
সেউজীয়া বেলিটোৰ পৰা বহু দূৰলৈ স্পর্শৰ উৰ্ধত,
প্ৰাচীনতম শিলৰ বুকুত লিখি থোৱা ইতিহাস খুচৰি ভাগৰুৱা
আবেলিটো শুই পৰিল অদৃশ্য
এন্ধাৰৰ কোলাত,
কিহৰ বাবে এই অর্থিতা?
জীয়াই থকাৰ বাবেনে?
কিহৰ বাবে এই অনুৰণন?
এমুঠি ভালপোৱা শব্দ বিচাৰি
বিচাৰি ব্যথিত অনুভূতিবোৰক
এতিয়া বেদনাবোৰে কৰ্ষিত কৰিব নোৱাৰাকৈয়ে সমাধিস্থ কৰিলো অচিন ঠিকনাত,
তোমাৰ অভ্যন্তৰৰ ডেউকা বিহীন কবিতাৰ ভাষাবোৰক
বকুলৰ সুবাস বিচাৰি বিচাৰি মদাৰবোৰ মোৰ
হৃদয়ৰ পদূলিত
ৰুই গ'লে এটি বৃহৎ ফাঁক ৰৈ যাব
জীৱন জিজ্ঞাসাৰ মাজত অজানিতে
সংগোপনে!
0 comments:
Post a Comment