নাৰী তুমি অনন্যা
নিবেদিতা ভৰালী
উজ্জ্বল চকুযুৰীৰে
মিচিকিয়া হাহিঁটি তোমাৰ
অদম্য সাহসিকতাৰে
আগৰণুৱা তুমি।
তুমি মহিয়সী
তুমি অন্যনা
তোমাৰ কৰ্মত
তুমি ঢালিছা প্ৰাণ।
নিষ্ঠাৰে গাইছা
দেশৰ জয়গান।
তুমি পম খেদি গ'লা
সুদূৰ চৌদি আৰবলৈ
বিদেশী মাটিৰ পৰা
বুটলিলা ধৰ্ষণকাৰীক।
দীৰ্ঘ কাল শুই থকা
নথি-পত্ৰক
তুলিলা জগাই।
তোমাৰ স্পৰ্শই
আনিলে সুনাম কেৰেলাবাসীলৈ।
তুমি জিনিছা দেশ
তোমাৰ দক্ষতাৰে
মেৰীক চিনিছো আমি
লেডি ছিংঘম কিম্বা
ৰিয়েল ছিংঘম বুলি।
নাৰীৰ হিতৰ হকে
অৰ্পিত তোমাৰ জীৱন
শত কোটি আশীৰ্বাদেৰে
যাচিছো তোমাক প্ৰণাম।।
সুন্দৰ
ReplyDelete