অপেক্ষা
নিবেদিতা ভৰালী
পৃথিৱীখন নিজৰ আছিল
দূৰলৈ উভতি গ'ল
বাট-পথবোৰ যেন ৰৈ আছে
কাৰোবাৰ অপেক্ষাত।
মৃত্যুৰ স'তে যুঁজি
অৰ্ধচেতনাত কাতৰৰ
মাত দিয়ে জোনবাই বুলি।
ঘন আন্ধাৰত
মেঘৰ চাদৰ উৰুৱাই
ক'ত আছা তুমি?
কোনোবাই আহি প্ৰশ্ন কৰে?
উভতি যাবা কিমান
দিনৰ পাছত?
আজিও তোমাৰ বাবে
মই নিতৌ অপেক্ষাত।
দিনৰ পিছত দিন
বাগৰি যায়
সঘনাই হাত আগবঢ়াও,
জীয়াই থাকিবলৈ
নিশাৰ সপোনে ভাঙি দিয়ে
বাৰম্বাৰ
তোমাক ক'বলৈ ৰৈ আছো
জনহীন শূন্য শব্দটোত
তুমি আছা ৰৈ
আজি মোৰ অপেক্ষাত।
0 comments:
Post a Comment