ৰাঙলী পুৱা
নিবেদিতা ভৰালী
পুৱাতেই ৰাঙলী হৈ
আনিছ কি বতৰা।
সপোন সপোন লগা
এজাক বৰষুণে
ধেমালি কৰে
ৰামধেনুৰ স'তে।
আকাশত নিমিষতে
হেৰাল কলীয়া ডাৱৰবোৰ
দুৱৰিত মুকুতাৰ টোপালবোৰে
টোপ টোপ শব্দ কৰি
নাচে আনন্দত।
পৃথিৱীয়ে আকৌ
নতুন প্ৰভাত পালে
কাল ৰাত্ৰি আঁতৰি গ'ল
পৃথিৱীৰ বুকুত পুৱাৰ
ৰাঙলী সুৰুযে সুবাস বিলায়।
0 comments:
Post a Comment