হেৰাই গ’ল শব্দবোৰ
(কোভিডত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ উৎসৰ্গিত)
অনামিকা ভূঞা
মেঘৰ গিৰ্জনিৰ পাছতে
ভাহি আহিল
বৰষুণৰ টোপালৰ শব্দ
শব্দবোৰ আৰ্তনাদ হৈ পৰিল
আমাক বচোৱা
আমাক বচোৱা
আমিও জীয়াই থাকিব বিচাৰো
লাহে লাহে
গছৰ পাতবোৰ
লৰিবলৈ ধৰিলে
আমি নিৰুপায়
আমাৰ হাতত থকা
'অক্সিজেন'
কমি আহিছে
ক্ৰমশঃ শব্দবোৰ
নোহোৱা হ’ল
হেৰাই গ’ল
সকলো শব্দ
সুন্দৰ
ReplyDelete