গাভৰু নদীখনে ৰিঙিয়াই মাতে মোক
শেৱালি বৰুৱা
গাভৰু নদীখনে কথা ক'লেই
ময়ো সগৰ্ভা হওঁ সোণোৱালী
হেঁপাহবোৰ বুকুত সাৱটি!
বকুলৰ চিনাকি নিচা এটাই
বাৰুকৈয়ে আমনি কৰেহি
আমৰঙী সেউজীয়া পাতবোৰৰ
ফাঁকেৰে জোনাক সৰকি আহি
এচমকা মোৰ মনৰ চোতালত
পৰি জ্বিলিকাই পেলাই মোৰ
ধূসৰ মনাকাশ!
তুমিয়েতো কৈছিলা,
"তোমাক পাহৰিবলৈ মই ভাল পোৱা নাই"!
তুমি সেইদিনা নদীৰ প্ৰেমত পৰোঁতেই মই জানিছিলো
তুমি মাতাল প্ৰেমিক;
প্ৰেমবোৰ কল্পনাৰে আঁকিব নোৱাৰি অ' মৰম!
আঁকিবলৈ দুখন হৃদয়ৰ আকুতি
ভৰা স্নেহ থাকিব লাগিব
দুটি শব্দৰ বিন্যাস প্ৰেম নহয়
প্ৰেমৰ ভাষা তোমাক গাভৰু নদীখনে শিকাইছিল
তুমিহে পাহৰি গৈছা!
নদীয়ে দি যাব পাৰে কেৱল
প্ৰতিদান নোহোৱাকৈয়ে;
বৈ যায় কেৱল সাগৰ ধিয়াই
বিচাৰে জানো সাগৰে নদীৰ বক্ষ???
কিন্ত নদীৰ ভালপোৱা যে সাগৰৰ বুকুতেই আছে চিৰদিন!
নিবিচাৰিলেও সাগৰ ধিয়াই
বৈ থাকে চিৰকাল
সঁচা প্ৰেমৰ মাজত প্ৰতিদান নাথাকে অ' মৰম!
এখন বিশাল আকাশৰ এমুঠি
সঁচা আবিৰৰ বুকুতেই লহপহীয়া
প্ৰেমে গজালি মেলে
দেখিছাই গৰ্ভৱতী পথাৰখনৰ
অহংকাৰ ক'ত???
জীপাল প্ৰেমেৰে সিক্ত হোৱাৰ
মাদকতাত তাই যেন প্ৰতিনিশাই
নকইনা জনী সাজি ৰৈ থাকে সেউজীয়া পলসুৱা প্ৰাচীন প্ৰেমিকজনলৈ!
প্ৰেম এনেকুৱাই
সংখ্যাৰে প্ৰকাশ কৰিব পৰাকৈ বীজগণিতৰ শব্দ নহয়!
সীমাহীন আকাশৰ সসীমলৈ যোৱাৰ ক্লান্ত পথ নহয়!
প্ৰেমে হৃদয়তেই ঘৰ সাজে
অজানিতেই!
এটি জীৱনৰ বাবে
সুৰীয়া গীতৰ
গীতিকাৰ হৈ পৰে প্ৰেমময় এখন
বৰ্ণিল হৃদয়!
কৰো বুলিয়েই প্ৰেম কৰা নহয়
হৈ যায় অ' অজানিতেই কেতিয়াবা!
গাভৰু নদীখনৰ দৰেই বুকুত
নিৰৱেই বৈ থাকে
এটি মাথোঁ অপেক্ষাৰে!
0 comments:
Post a Comment