আপদীয়া পদ্য
ৰূপজ্যোতি ফুকন
পিতাইয়ে চপাই-গোটাই দিয়া
আয়ে ৰান্ধে
আইৰ বাবেই সম্ভৱ
এইয়া আমাৰ তোষামোদ,
পিতাইৰ নিমখীয়া ঘাম
পেশীৰ বলত চৌকা জ্বলে
নিমাখিত আইয়ে বোজা বয় ওৰে জীৱন বদনামী
মুখৰ তোষামোদ
এইয়া আইৰ বাবেই সম্ভৱ
পিতাই কেৱল পাৰ্শ্বচৰিত্ৰ
আই তোষামোদৰ আসনস্থ
কৌতিকালৰ......
আমিবোৰে তৈল বটিয়াৰে সী দিয়া
চোলা এটা পিন্ধি অনামী কবিৰ
কবিতা আওৰাই---
"আইৰ সমান হ'ব কোন
নৈৰ সমান বব কোন''?
0 comments:
Post a Comment