কবিতা : শতাব্দীৰ পুৰোধা ঐশানুৱে জিৰণি লোৱাৰ পৰত ~ JOBON.IN

Sunday, June 13, 2021

কবিতা : শতাব্দীৰ পুৰোধা ঐশানুৱে জিৰণি লোৱাৰ পৰত

 


শতাব্দীৰ পুৰোধা ঐশানুৱে জিৰণি লোৱাৰ পৰত

শেৱালি বৰুৱা


খেয়ালী অথচ দৃঢ়তাৰ প্ৰতিমূৰ্তি

জনৰ প্ৰজ্ঞাৰ সাধনাত

থোপাথোপে  সৰিছিল শব্দৰ জোনাকবোৰ আমাৰ জীৱনৰ চোতালত!

জীৱনবোধৰ গভীৰত্বত বহেমিয়ান খেয়ালি মনৰ মানুহজনৰ কান্ধত এখনি

স্পৰ্শৰ উমাল হাতে সাহস দিছিল সেইদিনা;

নিৰূপমা সেই নাৰীৰ সহস্ৰ সাহসৰ শব্দেৰে সজাইছিল সাহিত্যৰ স্বৰ্ণিল বকুল সৰা পদূলিটোক জীৱনৰ গভীৰতাৰে; হৈমন্তীৰ অনুভৱৰ শব্দেৰে  জীৱনৰ কবিতাবোৰক

সাৱটি লৈছিল বুকুৰ গভীৰতাত;

সাউদৰ পুতেকে নাও মেলি

বহু দূৰ দিগন্তৰ সিপাৰৰ সাগৰ মহাসাগৰৰ বক্ষত অৱগাহন কৰি সাৱটি লৈছিল এখন

নতুন পৃথিৱী!


আশাৰ বুকুত  তোমাৰ শব্দগুচ্ছই সোণাৰুৰ হালধীয়া ফুলবোৰক আদৰিবলৈ জকমকাই ফুলিছিল,


চাৰিকড়ীয়াৰ পাৰত তুমি দেখা সপোনটোৱে আমাক

 হাতবাউলি মাতিছিল!

 

মানুহ হোৱাৰ  সাধনাৰ কথা 

তুমি কৈ যাওঁতে  মহানুভৱতাৰ পৃষ্ঠাত

সেইদিনাই হৃদয়খন এখন যুদ্ধ ক্ষেত্ৰলৈ  সলনি হৈছিল আৰু

মানুহ হোৱাৰ গৌৰৱৰ অন্তৰালত

আমিবোৰে কিতাপৰ সৈতে যুদ্ধ আৰু শান্তি স্থাপন কৰিছিলোঁ;

কিতাপ আৰু প্ৰকৃতিৰ  প্ৰেমেৰে

চিৰদিন আৱদ্ধ হৈ থাকিবা হিয়াৰ দাপোনত 

অসমীয়া জাতিৰ

মনৰ গহন কোণত,

তুমি ক্লান্ত নোহোৱাকৈয়ে

হৃদয়ৰ মানচিত্ৰত আঁকিছিলা

তোমাৰ টোকাবহীৰ পৃষ্ঠাৰ পৰা ৰহস্যময় বিষাদ আৰু যন্ত্ৰণাবোৰক সুন্দৰকৈ জীৱনৰ পৰিভাষাৰে,

কটনৰ পদূলিত শেৱালি ফুলা সুবাসেৰে সুবাসিত গধূলিবোৰত

বাপুকণৰ সপোনবোৰে প্ৰাণ পাবলৈ আৰম্ভ কৰিছিল!

প্রিয় কবি নৱকান্তই তোমাক "ছাইফনৰ"" লগত তুলনা কৰিহে আনন্দ পাইছিল,

তোমাৰ  আত্মাৰ মাজুলীত 

এখুদ ককাইদেউৱে সজাইছিল

নিৰাভৰণ  পৃথিৱীৰ

বুকুত

সভ্যতাৰ এক সুকীয়া বাট;

তোমাৰ বুকুত বিচাৰি পাইছিল


ফুলা সৰিয়হৰ ভাঁজে ভাঁজে 

ওলমি থকা জোনাকবোৰৰ খবৰ,

হৃদয়ত আলফুলকৈ সিঁচি দিছিল এচেৰেঙা আত্মপ্ৰত্যয়ৰ

ৰ'দালি তোমাৰ বাবে!

তোমাৰ মহাপ্ৰস্থানৰ বেলাত নীৰৱতাক 

সামৰি লৈ

আমিবোৰে আজি বিচৰণ  কৰিছোঁ  কিতাপ পঢ়াৰ আনন্দতে চিৰন্তন এখন  কিতাপৰ পৃথিৱীত;

প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই

লৈ যাম তোমাৰ সাধনাৰ চিতাভস্ম,

তোমাক বিদায় দিছোঁ মাথোঁ কায়িক ভাৱে

আমাৰ আত্মাৰ মাজত তোমাৰ

আত্মানুসন্ধানৰ এক নৱতম

প্ৰৱেশ পথত আমিবোৰে

অপেক্ষা কৰিম কিতাপৰ বাবে,,

কিতাপ পঢ়া আনন্দেৰে নিজকে

জীয়াই ৰাখিম তোমাৰ টোকা বহীৰ পৃষ্ঠাৰ শব্দবোৰক আগুৰি!

প্ৰণাম মহীৰূহ

মহাপ্ৰস্থানৰ মহাসমুদ্ৰৰ তীৰত আমিবোৰে তোমালৈ বাট চাই থাকিম এখন নতুন  কিতাপৰ সন্ধানত ,

প্ৰজ্ঞাৰ সাধনাত

কিতাপৰ আত্মাক আমিবোৰে 

এতিয়াৰ পৰাই শিৰত ধাৰণ কৰিম

জীৱনৰ পৰা মহাজীৱনলৈ!

বোধিবৃক্ষই জিৰণি ল'লে

শতাব্দীৰ ইতিহাসে গৰকা

ঐশানুৰ ছাঁত !


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages