প্ৰকৃতিৰ জয়
ববীতা মিশ্ৰ শৰ্মা
অহংকাৰী মানৱক
ভেঙুচালী কৰি
প্ৰকৃতিয়ে উৰুৱাই আজি
বিজয়ৰ ধ্বনি!
গৃহবন্দী মানৱ জীৱন
পশুপক্ষীৰ মুক্ত বিচৰণ,
প্ৰকৃতিয়ে যেন ঘূৰাই পাইছে
হেৰুওৱা সৌষ্ঠৱ
ইয়েই প্ৰমাণিত
প্ৰকৃতিয়েই শ্ৰেষ্ঠ!
বিচাৰি পাওঁ এতিয়া
সৃষ্টিৰ সনাতন সেউজীয়া
এয়া যেন...
মহাজীৱনৰ জীপাল কবিতা!
সৃষ্টিৰ পাতনিৰে পৰা দেখো
নিয়ঁতিৰ সৈতে মানুহৰ
সংগ্ৰাম অক্ষয়
অহংকাৰী মানৱৰ ওচৰত হয়
নিয়তিৰেই জয়,
বিজ্ঞানো যেন থমকি যায়
ক্ষণিকৰ উশাহ নাপাই!
অনুধাৱন কৰি
মৰণ বিজয়ী সাধনা
দূৰ্বল মানৱৰ আজি
জীৱন পাবৰ কামনা।।
0 comments:
Post a Comment